শিলচৰ, 30 জুলাই :শুকুৰবাৰে, কাছাৰ জিলাৰ কাটিগড়াৰ বিহাড়া হাৰাঙত শিলৰ কুৱৰীৰ পৰা শিল কঢ়িয়াই লৈ গৈ থকা গাড়ীলৈ লক্ষ্য কৰি গুলীচালনা কৰাৰ ঘটনা সংঘটিত হয় ৷ দুস্কৃতিকাৰীয়ে এইদৰে শিল কঢ়িয়াই নিয়া গাড়ীলৈ গুলীচালনা কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোত ৷ প্ৰাপ্ত তথ্য মতে, ঘটনাস্থলীত সময় মতেই উপস্থিত হয় বন সংমণ্ডল বিষয়া(forest ranger) পিংকু সিনহা ।
অৱশ্যে, ঘটনাৰ প্ৰায় দুই ঘণ্টা অতিবাহিত হোৱাৰ পিছতো ঘটনা স্থলীত উপস্থিত নহ'ল আৰক্ষী বাহিনী(police force)। গুলীচালনাৰ ঘটনাৰ পিছত সেই স্থানত কৰ্মৰত হৈ থকা লোক সকলো আতংকিত হৈ পলাবলৈ বাধ্য হ'য় ৷ ইফালে, লগত কোনোধৰণৰ অস্ত্ৰ-শস্ত্ৰ নোহোৱাৰ বাবে বিষয়া গৰাকীয়ে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰাত ব্যৰ্থ হয় ৷