কাছাৰ,12 মাৰ্চ: ৰাজ্যত এতিয়া অব্যাহত আছে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল পৰ্ব ৷ ইয়াৰ মাজতে শুকুৰবাৰে সোনাই সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰিলে প্ৰাক্তন বিধায়ক এনামুল হক লস্কৰে ৷ শুকুৰবাৰে পুৱাই হাজাৰ হাজাৰ সমৰ্থকক লগত লৈ জিলা উপায়ুক্তৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰিলে নেতা গৰাকীয়ে ৷
সোনাই সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী এনামুল হক লস্কৰৰ মনোনয়ন দাখিল - Anamul Hque Lashkar filed nomination at Sonai
শুকুৰবাৰে পুৱাই হাজাৰ হাজাৰ সমৰ্থকক লগত লৈ জিলা উপায়ুক্তৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰিলে প্ৰাক্তন বিধায়ক এনামুল হক লস্কৰে ৷
![সোনাই সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী এনামুল হক লস্কৰৰ মনোনয়ন দাখিল anamul-hque-lashkar-filed-nomination-at-sonai](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10979533-thumbnail-3x2-p1.jpg)
সোনাই সমষ্টি নিৰ্দলীয় প্ৰাৰ্থী এনামুল হক লস্কৰৰ মনোনয়ন দাখিল
সোনাই সমষ্টি নিৰ্দলীয় প্ৰাৰ্থী এনামুল হক লস্কৰৰ মনোনয়ন দাখিল
উল্লেখ্য যে, ৰাইজে এইবাৰ তেওঁক বিপুল ভোটত জয়যুক্ত কৰিব বুলি মন্তব্য কৰিছে প্ৰাক্তন কংগ্ৰেছী বিধায়ক গৰাকীয়ে ৷ সোনাইৰ ৰাইজৰ আৱেগ-অনুভূতিক সন্মান জনাই তেওঁ নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ কথা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ৷
লগতে পঢ়কঃতেজপুৰৰ বিধায়ক বৃন্দাবন গোস্বামীৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰ