অসম

assam

ETV Bharat / state

শিলচৰত ৬৫ বছৰীয়া বৃদ্ধৰ কামনাৰ বলি হ'ল কিশোৰী

শিলচৰৰ কনকপুৰত ধৰ্ষণৰ বলি হ'ল এগৰাকী ৮ বছৰীয়া কিশোৰী । এজন ৬৫ বছৰীয়া বৃদ্ধই যৌন নিৰ্যাতন চলায় কিশোৰীগৰাকীক । ঘটনাৰ পিছতে পলায়ন কৰে ছেলিম উদ্দিন নামৰ লোকজনে । ধৰ্ষণকাৰীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি দিবলৈ দাবী জনাইছে স্থানীয় লোকসকলে ।

An eight year old girl was allegedly raped by a 65 year old man at Silchar
শিলচৰৰ কনকপুৰত ধৰ্ষণৰ বলি হ'ল এগৰাকী ৮ বছৰীয়া কিশোৰী

By

Published : Jun 16, 2021, 8:40 PM IST

শিলচৰ, ১৬ জুন: শিলচৰৰ কনকপুৰত সংঘটিত হৈছে এক জঘন্য কাণ্ড । আত্মীয়ৰ যৌন নিৰ্যাতনৰ বলি হ'ল এগৰাকী ৮ বছৰীয়া কিশোৰী । জানিব পৰা মতে, মঙলবাৰে সন্ধিয়া ছেলিম উদ্দিন নামৰ এক ৬৫ বছৰীয়া বৃদ্ধজনে কিশোৰীগৰাকীক ঘৰৰ পৰা ফুচুলাই নি ধৰ্ষণকাণ্ড সংঘটিত কৰে ৷

লম্পট বৃদ্ধজনে এই জঘন্য কাণ্ড সংঘটিত কৰাৰ সময়ত এজন যুৱকে প্ৰত্যক্ষ কৰে । লগে লগে ঘটনাস্থলীত পৰিয়ালৰ লোক আৰু স্থানীয় লোক একত্ৰিত হয় ৷ কিন্তু ধৰ্ষণকাৰী ছেলিম উদ্দিনে পলায়ন কৰিবলৈ সক্ষম হয় ।

শিলচৰৰ কনকপুৰত ধৰ্ষণৰ বলি হ'ল এগৰাকী ৮ বছৰীয়া কিশোৰী

এই ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে ঘটনাস্থলীত উপস্থিত হৈ কাছাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতিম শইকীয়াই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে যদিও এতিয়ালৈকে লম্পট বৃদ্ধজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পৰা নাই ৷ ধৰ্ষণকাৰী ছেলিম উদ্দিন অৱসৰপ্ৰাপ্ত চৰকাৰী চাকৰিয়াল আৰু কিশোৰীগৰাকীৰ আত্মীয় ৷

আনহাতে, ঘটনাৰ পিছতে লম্পট বৃদ্ধজনক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি দিবলৈ দাবী জনাইছে স্থানীয় লোকসকলে । ইফালে, ঘটনা সন্দৰ্ভত ভুক্তভোগী কিশোৰীগৰাকীৰ পৰিয়ালে শিলচৰ সদৰ আৰক্ষী চকীত ছেলিম উদ্দিনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰি ন্যায়ৰ দাবী জনাইছে ৷

লগতে পঢ়ক:কৰিমগঞ্জ আৰক্ষীৰ জালত বন মাফিয়া মিলি

ABOUT THE AUTHOR

...view details