শিলচৰ, 13 জুন : কাছাৰ জিলাৰ শালচাপৰা ব্লকৰ অধীনৰ নন্দীগ্ৰামত কাটাখাল নদীৰ খহনীয়া প্ৰতিৰোধৰ কাম-কাজ অত্যন্ত লেহেমীয়া হোৱাৰ অভিযোগ উত্থাপিত হৈছে । ভৌগলিক মানচিত্ৰত নন্দীগ্ৰাম কাছাৰ জিলাৰ হৈ থাকিলেও নদীৰ পাৰ্শ্বৱৰ্তী এলেকাটো হাইলাকান্দি জিলাৰ অন্তর্ভুক্ত ৷ স্মৰ্তব্য যে, এলেকাটো দ্ৰুত গতিত খহনীয়াৰ কৱলত পৰাৰ ফলত শংকিত হৈ পৰিছে নৈ পৰীয়া ৰাইজ ৷
বিগত দুই বছৰৰ ভিতৰত খহনীয়া ৰোধৰ বাবে দুটা পৰ্যায়ত চৰকাৰে মুঠ 10 কোটি টকা আৱন্টন দিছিল ৷ কিন্তু প্ৰথম পৰ্যায়ত কাম সম্পন্ন হোৱা দুটা স্থানত ইতিমধ্যে জহি খহি যোৱাৰ উপক্ৰম হৈছে ৷ আনহাতে খহনীয়া ৰোধৰ বাবে দ্বিতীয় পৰ্যায়ত হ’বলগীয়া কাম কাজৰ মাত্ৰ 20 শতাংশহে সম্পন্ন হৈছে ৷ বাৰিষাৰ আগমণৰ লগে লগে ইতিমধ্যে বৰষুণৰ প্ৰকোপ বৃদ্ধি পাইছে ৷