শিলচৰ, ২৭ মে': প্ৰধানমন্ত্ৰীৰ কৃষক সন্মান নিধিৰ ধন বিতৰণত কাছাৰ জিলাত সংঘটিত বিয়াগোম কেলেংকাৰীৰ উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰি বুধবাৰে উপায়ুক্তৰ কাৰ্যলয়ৰ সন্মুখত ধৰ্না প্ৰদৰ্শন কৰে সদৌ ভাৰত কৃষক সভা সমিতিয়ে ৷ সমিতিৰ কাছাৰ জিলা কমিটিৰ উদ্যোগত সমাজিক দুৰত্ব বজাই ৰাখি প্ৰদৰ্শন কৰা ধৰ্ণা কাৰ্যসূচীত বহু চৰকাৰী চাকৰিয়াল আৰু পেঞ্চনভোগী লোকে প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধিৰ ধন লাভ কৰা বুলি অভিযোগ কৰে ৷
কাছাৰত সামাজিক দূৰত্ব বজাই ৰাখি ধৰ্ণা কাৰ্যসূচী - All India Kisan Sabha
প্ৰধানমন্ত্ৰীৰ কৃষক সন্মান নিধিৰ ধন বিতৰণত সংঘটিত কেলেংকাৰীৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবীত ধৰ্ণা প্ৰদৰ্শন কৰে সদৌ ভাৰত কৃষক সভা সমিতিয়ে ৷ বুধবাৰে উপায়ুক্তৰ কাৰ্যলয়ত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে সদৌ ভাৰত কৃষক সভাই ।
কাছাৰত সামাজিক দূৰত্ব বজাই ৰাখি ধৰ্ণা কাৰ্যসূচী
এই বৃহৎ বিত্তীয় কলেংকাৰীৰ উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰি সংগঠনটোৱে কৃষক সকলক বছৰি 18 হাজাৰ টকাৰ আৰ্থিক সাহাৰ্য প্ৰদান কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাবী জনায় ৷ লক ডাউনত ক্ষতিগ্ৰস্ত কৃষক সকলক সাহাৰ্য প্ৰদানৰো দাবী জনায় কৃষক সভাৰ কাছাৰ জিলাৰ সভাপতি ৰ্জামন্দ আলীয়ে ৷