অসম

assam

ETV Bharat / state

শিলচৰত AABHAৰ সভাত হিন্দু যুৱ ছাত্ৰ পৰিষদৰ সভাপতি - All Assam Bengali Hindu Association organize meeting at Silchar

অসমত নাগৰিকত্ব সংশোধনী বিধেয়ক অসমৰ স্বাৰ্থত,ভাৰতৰ স্বাৰ্থত আনিবই লাগিব বুলি মন্তব্য হিন্দু যুৱ ছাত্ৰ পৰিষদৰ সভাপতি বলেন বৈশ্যৰ ৷ শিলচৰত সোমবাৰে অনুষ্ঠিত হোৱা "অল আছাম বেংগলী হিন্দু এচ'ছিয়েশ্বন"ৰ সভাত এইদৰে মন্তব্য কৰাৰ লগতে অসমত ইছলামিক আগ্ৰাসন ৰোধ কৰিবলৈ সকলোৱে একেলগে আগবাঢ়ি যাব লাগিব বুলি মন্তব্য কৰে বৈশ্যই ৷

শিলচৰত AABHAৰ সভা

By

Published : Oct 21, 2019, 4:35 PM IST

শিলচৰ, 21 অক্টোবৰঃ সোমবাৰে শিলচৰত অনুষ্ঠিত হৈ যায় "অল আছাম বেংগলী হিন্দু এচ'ছিয়েশ্বন"ৰ এখন সভা ৷ বেংগলী হিন্দু অসমৰ অবিচ্ছেদ্য অংগ শীৰ্ষক বক্তৃতানুষ্ঠানত অংশগ্ৰহণ কৰে হিন্দু যুৱ ছাত্ৰ পৰিষদৰ সভাপতি বলেন বৈশ্যই ৷ শিলচৰৰ ইণ্ডিয়া ক্লাৱ ইন্দোৰ ষ্টেডিয়ামত অনুষ্ঠিত হৈ যায় সভাখন ৷

শিলচৰত AABHAৰ সভা

লগতে পঢ়কঃ চোৰাং কাঠ আৰু মাছ ব্যৱসায়ীৰ ৰম্যভূমিলৈ পৰিণত হৈছে লাওখোৱা অভয়াৰণ্য !!!

সভাত অংশগ্ৰহণ কৰি কেবাটাও মন্তব্য প্ৰদান কৰে হিন্দু যুৱ ছাত্ৰ পৰিষদৰ সভাপতি বলেন বৈশ্যই ৷ বলেন বৈশ্যই কয় যে,"বৰাক-ব্ৰহ্মপুত্ৰৰ শক্তিশালী সমন্বয়ৰ বুনিয়াদ নিৰ্মাণ হৈছে ৷ অসমত ইছলামিক আগ্ৰাসনৰ ভয়াৱহতা বৰাক-ব্ৰহ্মপুত্ৰ উপত্যকাত পৰিছে ৷ একত্ৰিতভাৱে আগবঢ়াৰ বিকল্প নাই ৷ আমি সকলোৱে একত্ৰিতভাৱে আগবাঢ়িব লাগিব ৷ আমি সকলোৱে সংকল্প লৈছো,"ভাৰত ভূমিত কোনো হিন্দুৱে বিদেশী হ'ব নোৱাৰে ৷"

আনহাতে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীক লৈয়ো মন্তব্য কৰে বৈশ্যই ৷ বৈশ্যৰ মতে, "NRCত যিখিনি লোকৰ নাম বাদ পৰিছে তাক চাই এইখন এখন ইছলামিক NRC হৈছে ৷ ইয়াক ইছলামিক NRC জেহাদ বুলি ক'ব পাৰো ৷ ইয়াক কোনো কাৰণতে মানি নলও,এখন শুদ্ধ NRC আমাৰ কাম্য ৷"

লগতে পঢ়কঃ কপিলী জলবিদ্যুৎ প্ৰকল্পত নিখোজ অভিযন্তাক উদ্ধাৰ

আনহাতে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিবলৈ দাবী উত্থাপন কৰি বৈশ্যই কয় যে,"আমি কৈছো যে,CAB আমাক লাগে আৰু পাকিস্তান,আফগানিস্তান,বাংলাদেশ আদি দেশৰ পৰা নিৰ্যাতনৰ বলি হৈ অহা হিন্দুক সুৰক্ষা দিয়াটো ভাৰতৰ এক নৈতিক দায়িত্ব আছে, সেই দায়িত্ব কেন্দ্ৰীয় চৰকাৰে ল'ব লাগিব ৷ চৰকাৰে Uniform Civil Code আনিব লাগে,ইছলামিক আগ্ৰাসন বাধা দিব লাগে আৰু মাতৃভূমিক পৰম বৈভৱ কৰাৰ স্বাৰ্থত আমি সকলোৱে একত্ৰিতভাৱে আগবাঢ়ি যাম ৷ 1950 Immigration Expulsion Act অসমত প্ৰযোজ্য হ'ব লাগে ৷"

সভাত অসমৰ বিভিন্ন প্ৰান্তৰ লগতে বৰাক উপত্যকাৰ বহুটো বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ৷

ABOUT THE AUTHOR

...view details