অসম

assam

শিলচৰত শ্বহীদ কনকলতাক সুঁৱৰি শ্বহীদ দিৱস উদযাপন

By

Published : Sep 22, 2020, 9:12 AM IST

শিলচৰত শ্বহীদ দিৱস উদযাপন ৷ ভাৰতৰ স্বাধীনতা আন্দোলনৰ শ্বহিদ কনকলতা বৰুৱাক সুঁৱৰি এই দিৱস উদযাপন কৰা হয় ৷ অল ইণ্ডিয়া ডি এচ অ' সমন্বিতে বহুকেইটা ছাত্ৰ সংগঠনৰ উদ্যোগত অস্থায়ী বেদী নিৰ্মান কৰি মাল্যাৰ্পণেৰে শ্বহীদ গৰাকীক সোঁৱৰণ ৷

শ্বহীদ কনকলতাক সুঁৱৰি আত্মবলিদান দিৱস উদযাপন
শ্বহীদ কনকলতাক সুঁৱৰি আত্মবলিদান দিৱস উদযাপন

শিলচৰ, 21 ছেপ্টেম্বৰ : শিলচৰত অল ইণ্ডিয়া ডি এচ অ' সমন্বিতে বহুকেইটা ছাত্ৰ সংগঠনৰ ভাৰতৰ স্বাধীনতা আন্দোলনৰ শ্বহীদ কনকলতা বৰুৱাক সুঁৱৰি শ্বহীদ দিৱস উদযাপন ৷ ছাত্ৰ সংগঠনকেইটাৰ উদ্যোগত দেওবাৰে শিলচৰৰ ক্ষুদিৰাম বসুৰ মূৰ্তিৰ কাষত এক অস্থায়ী বেদী স্থাপন কৰি শ্বহীদ গৰাকীক সুঁৱৰি আত্ম বলিদান দিৱস উদযাপনৰ আয়োজন কৰে ৷ গৌৰ চন্দ্ৰ দাস , পল্লৱ ভট্টাচাৰ্য সহ বহুকেইজনে অস্থায়ী বেদীৰ সন্মুখত মাল্যাৰ্পণ কৰে ৷

শ্বহিদ কনকলতা বৰুৱাক সুঁৱৰি শিলচৰত শ্বহীদ দিৱস উদযাপন

এই দিৱসৰ লগত সংগতি ৰাখি অল ইণ্ডিয়া ডি এচ অ' ৰ অসম ৰাজ্যিক কমিটিয়ে এক ৰাজ্যিক ভিত্তিক ৰচনা প্ৰতিযোগিতাৰো আয়োজন কৰিছিল ৷ দেওবাৰে আয়োজিত অনুস্থানতে প্ৰতিযোগিতাৰ বিজয়ী সকলক পুৰস্কাৰ প্ৰদান কৰা হয় ৷ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে এচ ইউ চি আই (কমিউনিষ্ট) দলৰ অসম ৰাজ্যিক কমিটীৰ সম্পাদক চন্দ্ৰলেখা দাস ৷ শ্বহীদ দিৱস উদযাপনৰ তাৎপৰ্য ব্যাখ্যা কৰি তেওঁ বিয়াল্লিশৰ ভাৰত ত্যাগ আন্দোলনত অসম কিশোৰী কনকলতাৰ আত্ম বলিদান সম্পৰ্কে এক বাখ্যা আগবঢ়াই ৷

লগতে পঢ়ক:ৰে'ল ক্ৰ'চিং নিৰ্মাণ কৰাৰ দাবীত হাইলাকান্দিত প্ৰতিবাদ

ABOUT THE AUTHOR

...view details