শিলচৰ,28 মাৰ্চ: নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ বাবে দেওবাৰে বৰাকত আহি উপস্থিত হৈছে সৰ্বভাৰতীয় কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক শচীন পাইলট ৷ শিলচৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী তমালকান্তি বণিকৰ হৈ এক বিশাল পদযাত্ৰাত অংশ লয় পাইলটে ৷ এই বিশাল পদযাত্ৰাত ভাগ লয় প্ৰায় পাঁচ হাজাৰ কংগ্ৰেছী সমৰ্থক ৷
শিলচৰৰ দেৱদূত পইন্টৰ পৰা আৰম্ভ হোৱা এই পদযাত্ৰাত শচীন পাইলটৰ সৈতে উপস্থিত থাকে সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰী সুস্মিতা দেৱ আৰু কংগ্ৰেছ প্ৰাৰ্থী তমালকান্তি বণিক ৷ প্ৰথমে শিলচৰ ডিএছএ খেলপথাৰত যুৱক-যুৱতীসকলৰ লগত এক মত-বিনিময়ত অংশগ্ৰহণ কৰে সাধাৰণ সম্পাদক গৰাকীয়ে ৷