সৰ্বভাৰতীয় কংগ্ৰেছৰ সাধাৰণ সম্পাদক পৃথ্বীৰাজ প্ৰভাকৰ সাথে কৰিমগঞ্জ, ১৭ আগষ্ট: সৰ্বভাৰতীয় কংগ্ৰেছৰ সাধাৰণ সম্পাদক পৃথ্বীৰাজ প্ৰভাকৰ সাথে বৃহস্পতিবাৰে দিনজোৰা কাৰ্যসূচীৰে বৰাকলৈ আহে । সৰ্বভাৰতীয় কংগ্ৰেছৰ সাধাৰণ সম্পাদক সাথেক জিলাখনৰ কংগ্ৰেছ কৰ্মীসকলে উষ্ম আদৰণি জনাই এক বিশাল বাইক ৰেলীৰে শিলচৰ জিলা কংগ্ৰেছৰ কাৰ্যালয়লৈ আদৰি আনে । জিলা কংগ্ৰেছৰ কাৰ্যালয়ত হাইলাকান্দি কংগ্ৰেছ, কৰিমগঞ্জ কংগ্ৰেছৰ লগতে শিলচৰৰ কংগ্ৰেছ কৰ্মীসকলৰ এখন সাংগঠনিক সভাৰ আয়োজন কৰা হয় ।
বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত নিখিল ভাৰত কংগ্ৰেছৰ সাধাৰণ সম্পাদক পৃথ্বীৰাজ প্ৰভাকৰ সাথেয়ে জিলা তিনিখন কংগ্ৰেছ কৰ্মীৰ সৈতে এই বৈঠক অনুষ্ঠিত হোৱাৰ কথা জানিবলৈ দিয়ে । বৈঠকত তেওঁ দলটোৰ মৰ্যাদা আৰু আগন্তুক লোকসভা নিৰ্বাচনত সংগঠনটোৰ কাম-কাজৰ বিষয়ে আলোচনা কৰাৰ কথা উল্লেখ কৰে ।
তেওঁ লগতে সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিজেপিৰ কাম-কাজক সমালোচনা কৰে । তেওঁ কয়, বিজেপি চৰকাৰ আৰু নিৰ্বাচনী আয়োগে সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ গ্ৰহণ কৰা সিদ্ধান্তৰ পৰৱৰ্তী পদক্ষেপক লৈ দলটোৱে চিন্তা-চৰ্চা কৰি আছে ৷ বিশেষকৈ সমষ্টি পুনৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত ৰাজ্যখনৰ জনগাঁথনিৰ ওপৰত ভিত্তি কৰি য’ত বিধানসভা সমষ্টি বৃদ্ধি হ’ব লাগিছিল তাত হ্ৰাসহে পাইছে বুলি উল্লেখ কৰে ৷
তেওঁ বিজেপিয়ে নিজৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি সমষ্টি পুনৰ নিৰ্ধাৰণৰ কৰাৰ দাবী কৰি বৰাক উপত্যকাৰ উন্নয়ন বিজেপি চৰকাৰে অতি কঠিন কৰি তোলাৰ অভিযোগ কৰে ৷ এনেদৰে উপত্যকাৰ লোকক বঞ্চিত কৰাটো উচিত নহয় বুলি তেওঁ চৰকাৰখনক সমালোচনা কৰে । তিনিখন জিলাৰ কংগ্ৰেছৰ সভাপতি, প্ৰাক্তন মন্ত্ৰী অজিত সিং, শ্বৰীফুজ জামান লস্কৰ, আনোৱাৰ হুছেইন, সাধাৰণ সম্পাদক অসম প্ৰদেশ কংগ্ৰেছ কমিটিকে ধৰি অন্যান্য কংগ্ৰেছ কৰ্মীসকল উপস্থিত থাকে ।
লগতে পঢ়ক:Bhupen Borah: সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছতো চৰকাৰ গঠনৰ সম্পূৰ্ণ সক্ষমতা-সামৰ্থ আছে কংগ্ৰেছৰ; ভূপেন বৰা