কাছাৰ, 16 ডিচেম্বৰ: কাছাৰত টেট উত্তীৰ্ণৰ অৱস্থান ধর্মঘট কাৰ্যসূচী ৷ নিযুক্তিৰ দাবীত বৰাকৰ অসম টেট ২০১৯ উত্তীৰ্ণ সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰে ৷ শিলচৰৰ ক্ষুদিৰাম বসুৰ মূৰ্তিৰ তলত অৱস্থান ধর্মঘট কাৰ্যসূচী ৰূপায়ন কৰি নিযুক্তিৰ দাবী উত্থাপন কৰে টেট উত্তীৰ্ণ শিক্ষাৰ্থী সকলে ৷ কিছুদিন পূৰ্বে ৰাজ্যৰ শিক্ষা খণ্ডত নতুনকৈ শিক্ষক নিযুক্তি দিয়া হৈছিল যদিও বৰাকৰ বেছি সংখ্যক টেট উত্তীৰ্ণ প্ৰাৰ্থী ৰৈ গৈছে এই নিযুক্তি প্ৰক্ৰিয়াত ৷
কাছাৰত টেট উত্তীৰ্ণৰ প্ৰতিবাদ - অসম টেট ২০১৯
নিযুক্তিৰ দাবীত বৰাকত অসম টেট ২০১৯ উত্তীৰ্ণ প্ৰাৰ্থীৰ প্ৰতিবাদ ৷ আগন্তুক বিধানসভা নিৰ্বাচনেই নিযুক্তি প্ৰক্ৰিয়াৰ সময় সীমা নিৰ্ধাৰণ কৰি দিছে টেট উত্তীৰ্ণ সকলে ৷
কাছাৰত টেট উত্তীৰ্ণৰ প্ৰতিবাদ
বুধবাৰে বৰাকৰ অসম টেট ২০১৯ উত্তীৰ্ণ সমিতিয়ে ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে নিযুক্তি প্ৰদান কৰিবলৈ দাবী জনায় ৷ টেট উত্তীৰ্ণ প্ৰাৰ্থী সকলে আগন্তুক বিধানসভা নিৰ্বাচনেই নিযুক্তি প্ৰক্ৰিয়াৰ সময় সীমা নিৰ্ধাৰণ কৰি দিছে ৰাজ্য চৰকাৰক ৷
লগতে পঢ়ক:ছয়গাঁৱত বৃহৎ সংখ্যক অবৈধ কাঠ জব্দ