অসম

assam

ETV Bharat / state

হাইলাকান্দিত উপস্থিত আইন-শৃংখলা বিভাগৰ ADGP জে পি সিং

হাইলাকান্দিত উপস্থিত আইন-শৃংখলা বিভাগৰ ADGP জে পি সিং । হাইলাকান্দিত উপস্থিত হৈ অসম-মিজোৰাম সীমান্ত পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় বিষয়া গৰাকীয়ে ।

By

Published : Oct 30, 2020, 10:27 PM IST

ADGP VISIT ASSAM MIZORAM BORDER
হাইলাকান্দিত উপস্থিত আইন-শৃংখলা বিভাগৰ ADGP জে পি সিং

হাইলাকান্দি, 30 অক্টোবৰ : ক‍াছাৰ জিলাৰ কৰিমগঞ্জৰ পিচত শুকুৰবাৰে হাইলাকান্দিত উপস্থিত আইন-শৃংখলা বিভাগৰ ADGP জে পি সিং । হাইলাকান্দিত উপস্থিত হৈ অসম-মিজোৰাম সীমান্ত পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় বিষয়া গৰাকীয়ে । অসম-মিজোৰাম সীমান্তত থকা ঘাড়মূৰা সীমান্ত আৰক্ষী চকীৰ পৰা সীমান্ত পৰিদৰ্শন কৰে এডিজিপি জে পি সিঙৰ লগতে ডি আই জি দিলীপ কুমাৰ দে’ হাইলাকান্দি আৰক্ষী অধীক্ষক প্ৰবীন্দ্ৰ কুমাৰ নাথ আৰু হাইলাকান্দি জিলা উপায়ুক্ত মেঘ নিধি দহাল ।

ইপিনে, সীমান্তত এডিজিপি জে পি সিং উপস্থিত হোৱাৰ পিচত অসম-মিজোৰাম সীমান্তৰ কচুৰতল অঞ্চলত পথ অবৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজ লগতে সংগঠনৰ কৰ্মকৰ্তা সকলে । প্ৰতিবাদত হাইলাকান্দি পুলিচ প্ৰশাসন হায় হায়, মিজোৰাম চৰকাৰ মূৰ্দাবাদ আদি শ্ল'গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । তেওঁলোকৰ দাবী সীমা সমস্যা সমধান কৰিব লাগে অন্যথা এই অৰ্থনৈতিক অবৰোধ অনিৰ্দিষ্ট কাললৈ অব্যাহত থাকিব বুলি স্পষ্ট কৰি দিয়ে ।

লগতে পঢ়ক :সোণোৱাল চৰকাৰক সমূলি ব্যৰ্থ হিচাপে প্ৰতিপন্ন কৰাৰ চেষ্টা আপৰ

ইপিনে, বিধায়ক সুজাম উদ্দিন লস্কৰৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ আহ্বান যদিহে দেহত অসমীয়াৰ তেজ আছে তেনেহলে এই সীমান্ত সমস্যা সমাধান কৰি দেখুৱাৰ হুংকাৰ প্ৰদান কৰে ৷

উল্লেখ্য যে, সংঘৰ্ষজৰ্জৰিত অসম-মিজোৰাম সীমান্তত এতিয়াও অব্যাহত আছে মিজোসকলৰ সন্ত্ৰাস । মিজো আৰক্ষীৰ দখলত ৷ অস্ত্ৰ-শস্ত্ৰসহ শতাধিক মিজো আৰক্ষীয়ে এতিয়া টহল দিছে অসমৰ মাটিৰ প্ৰায় তিনি কিলোমিটাৰ অংশত ৷ কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনাৰ পিচতো কিন্তু এতিয়াও সাৰ পোৱা নাই কুম্ভকৰ্ণৰ নিদ্ৰাত শুই থকা অসম চৰকাৰ ৷

লগতে পঢ়ক :অসম-মিজোৰাম সীমান্তত মিজো লোকৰ আক্ৰমণত আহত অসমীয়া

অসমৰ ভূখণ্ডত দিনৰ পৰ দিন মিজোসকলৰ আগ্ৰাসন বৃদ্ধি হৈ আছে ৷ সীমান্তৱৰ্তী এলেকাৰ লায়লাপুৰ আৰু খুলিচৰাত বিগত কিছু দিন ধৰি চলি থকা মিজোসকলৰ তাণ্ডৱত সৰ্বহাৰা হৈছে অসমীয়া ৷ আনকি অসমীয়াৰ ঘৰবাৰী, দোকান-পোহাৰ জ্বলাই দিয়াৰ পিছত এতিয়া অস্থায়ী আশ্ৰয় শিৱিৰত দিন কটাবলগীয়া হৈছে খিলঞ্জীয়াই ৷ কিন্তু ইমানৰ পিচটো জাতি-মাটি-ভেঁটিৰ কথা কোৱা সৰ্বানন্দৰ চৰকাৰ মৌন হৈয়ে আছে ৷

হাইলাকান্দিত উপস্থিত আইন-শৃংখলা বিভাগৰ ADGP জে পি সিঙৰ মন্তব্য

লগতে পঢ়ক :অসম-মিজোৰাম সীমান্তত উত্তেজনা; প্ৰশাসনৰ সান্ধ্যআইন জাৰী

কাছাৰ জিলাৰ অসম মিজোৰাম সীমান্তৱৰ্তী এলেকা ধলাই খুলিচৰাত বিগত চাৰিদিন আগত মিজোসকলে অসমৰ ভূমিৰ এখন বিদ্যালয়ত বোমা বিস্ফোৰণ ঘটাইছিল ৷ তাৰপিছৰ পৰা এই স্থানটো মিজো সকলে দখল কৰি ৰাখিছে ৷ শতাধিক পৰিমানে সশস্ত্ৰ মিজো আৰক্ষী মোতায়েন কৰি ৰখা হৈছে সেই স্থানত আৰু তালৈ যাবলৈ কাকো অনুমিত দিয়া নাই মিজো আৰক্ষীয়ে ৷ প্ৰায় তিনি কিলোমিটাৰ অসমৰ ভূমিসহ বনাঞ্চল এইদৰে অবৈধভাৱে তেওঁলোকে দখল কৰি ৰাখিছে ৷

লগতে পঢ়ক :দিল্লীৰ হিংসাত্মক ঘটনাৰ অভিযুক্তক অন্তৱৰ্তীকালীন জামিন প্ৰদান

ABOUT THE AUTHOR

...view details