ধুবুৰী, 18 জানুৱাৰী : দক্ষিণ শালমাৰা মানকাচাৰ জিলাৰ হাটশিঙিমাৰী জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়ৰ পৰা প্ৰায় ছয় কিলোমিটাৰ নিলগৰ কানাইমাৰা বিশুদ্ধ খোৱা পানী যোগান আঁচনি আজিপৰ্যন্ত সম্পূৰ্ণ হৈ নুঠিল ৷ প্ৰায় ১০ বছৰ পূৰ্বে আৰম্ভ কৰা আঁচনিৰ পৰা আজিলৈকে এটোপাল পানী যোগান দিব পৰা নাই ৰাজ্য চৰকাৰৰ হাটশিঙিমাৰী জনস্বাস্থ্য কাৰিকৰী বিভাগটোৱে । বৰ্তমান গছ-গছনিৰে আৱৰি ধৰাৰ লগতে পোক-পতংগৰ বাসস্থানত পৰিণত হৈছে উক্ত বিশুদ্ধ খোৱাপানী যোগান আঁচনিখন ।
ইপিনে এইখন আঁচনি নিৰ্মাণৰ সময়ত মাটিৰ গৰাকীক এটা চৰকাৰী চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দি মাটিখিনি লোৱা হৈছিল ৷ কিন্তু মাটিৰ গৰাকীয়ে আজিলৈকে নাপালে কোনো চৰকাৰী চাকৰি । আজিলৈকে কোনো এখন চৰকাৰে গুৰুত্ব নিদিয়াত ক্ষোভিত হৈ পৰিছে মাটিৰ গৰাকীজন । অনতিপলমে এটা চাকৰি দিয়াৰ লগতে বিশুদ্ধ খোৱা পানী যোগান দিবলৈ চৰকাৰক দাবী জনাইছে মাটিৰ গৰাকী তথা কানাইমাৰা গাওঁ পঞ্চায়তৰ সভাপতি ছফিয়ৰ ৰহমানে ।