অসম

assam

শাম কাটিছে পৰিস্থিতি কিন্তু এতিয়াও আঁতৰা নাই শংকা !

By

Published : May 11, 2019, 5:42 PM IST

Updated : May 11, 2019, 6:01 PM IST

শুক্ৰবাৰে সংঘৰ্ষত নিহত জেচিম উদ্দিনৰ মৃতদেহ শনিবাৰে দুপৰীয়াৰ ভাগত পৰিয়ালৰ লোকক চমজাই দিয়া হয়৷ মৃতদেহ উপস্থিত হোৱাৰ লগে লগে জেচিমৰ ঘৰত অঞ্চলটোৰ শতাধিকলোকে আহি ভিৰ কৰা পৰিলক্ষিত হয় ৷

নিয়ন্ত্ৰণত হাইলাকাণ্ডিৰ পৰিৱেশ

হাইলাকাণ্ডি, 11 মেঃ নিয়ন্ত্ৰণত হাইলাকাণ্ডিৰ পৰিৱেশ ৷ পৰিস্থিতি শাম কাটিছে যদিও হাইলাকাণ্ডি চহৰত বৰ্তমানেও অব্যাহত ৰখা হৈছে সান্ধ্য আইন ৷ যিকোনো অপ্ৰীতিকৰ পৰিস্থিতৰে মোকাবিলা কৰিব পৰাকৈ মজুত আছে আৰক্ষী আৰু চিআৰপিএফ৷ বৰ্তমানলৈকে জিলাখনত নতুন কোনো বিক্ষিপ্ত ঘটনা সংঘটিত হোৱা নাই ৷

শুক্ৰবাৰে সংঘৰ্ষত নিহত জেচিম উদ্দিনৰ মৃতদেহ শনিবাৰে দুপৰীয়াৰ ভাগত পৰিয়ালৰ লোকক চমজাই দিয়া হয়৷ মৃতদেহ উপস্থিত হোৱাৰ লগে লগে জেচিমৰ ঘৰত অঞ্চলটোৰ শতাধিকলোকে আহি ভিৰ কৰা পৰিলক্ষিত হয় ৷ সমাৱেত ৰাইজে লগতে সমগ্ৰ ঘটনাৰ ন্যায়িক তদন্তৰো দাবী কৰে ৷

নিয়ন্ত্ৰণত হাইলাকাণ্ডিৰ পৰিৱেশ

ইয়াৰোপৰি, অভিযোগ উত্থাপন হৈছে যে, যোৱা নিশা একাংশ লোকে চহৰখনৰ আৰক্ষী চকীৰ এখন গাড়ীত আক্ৰমণ চলোৱাৰ লগতে আৰক্ষী অধীক্ষক গৰাকীক প্ৰহাৰ কৰে ৷

উল্লেখ্য যে, শনিবাৰে পুৱা মন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান মুকেশ আগৰৱালা হাইলাকাণ্ডিত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় ৷

Last Updated : May 11, 2019, 6:01 PM IST

ABOUT THE AUTHOR

...view details