শিলচৰ , 03 জুন :স্বাধীনতাৰ 72 বছৰৰ পাচতো উন্নয়নৰ মুখ নেদেখা এখন গাঁও ৷ এই গাঁওখন হৈছে কাছাৰ জিলাৰ উদাৰবন্দ বিধানসভাৰ ,মধুৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত মধুপুৰ গাঁও ৷ 2019 বৰ্ষৰ 31 মাৰ্চৰ ভিতৰত সকলো গাঁৱতে বিদ্যুৎ সংযোগ হ'ব বুলি প্ৰধানমন্ত্ৰী মোডীয়ে মন্তব্য কৰিছিল যদিও আজি পৰ্যন্ত মধুপুৰ গাঁৱৰ প্ৰায় 70 টা পৰিয়ালে আন্ধাৰতে পাৰ কৰিছে প্ৰতিটো নিশা ৷
পৰিৱৰ্তন নহা এখন গাঁও! - বিদ্যুৎ সংযোগ
2019 বৰ্ষৰ 31 মাৰ্চৰ ভিতৰত সকলো গাঁৱতে বিদ্যুৎ সংযোগ হ'ব বুলি প্ৰধানমন্ত্ৰী মোডীয়ে মন্তব্য কৰিছিল যদিও আজি পৰ্যন্ত মধুপুৰ গাঁৱৰ প্ৰায় 70 টা পৰিয়ালে আন্ধাৰতে পাৰ কৰিছে প্ৰতিটো নিশা ৷
গাঁওবাসীৰ অভিযোগ অনুসৰি তেওঁলোকৰ গাঁৱখনত কেৱল বিদ্যুৎ সংযোগ নোহোৱাৰ সমস্যায়ে নহয় , আন বহু সমস্যাও তেওঁলোকৰ গাঁওখনক আৱৰি আছে ৷ গাঁওখনৰ বহু লোকে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ লাভ কৰা নাই আৰু গাঁওখনত শৌচাগাৰ তথা পানীৰো কোনো সু-ব্যৱস্থা নাই বুলিও গাঁওবাসীয়ে অভিযোগ তুলে ৷ পানীৰ কোনো সু-ব্যৱস্থা নথকাৰ বাবে গাঁওবাসীয়ে প্ৰায় 2 কিলোমিটাৰ বাট অতিক্ৰম কৰি নদীৰ পৰা পানী আনিব লগীয়া হয় ৷ কিন্তু বাৰিষাৰ দিনত সেই নদীৰ পানী সেৱন কৰা বাবে বহু গাঁওবাসী ৰোগত আক্ৰান্ত হয় বুলি তেওঁলোকে জানিবলৈ দিয়ে ৷ সেয়ে ক্ষুব্ধ গাঁওবাসীয়ে ক্ষোভ উজাৰি কয় যে বৰ্তমানৰ বিধায়ক মিহিৰ কান্তি সোমে আজি লৈকে গাঁওখনৰ খবৰ লবলৈ আহৰি পোৱা নাই ৷ বিধায়কজনে নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতিবোৰ আজি পৰ্যন্ত পূৰণ নোহোৱাৰো অভিযোগ গাঁওবাসীৰ ৷