কাছাৰ,4 মাৰ্চঃ বিধায়ক হোৱাৰ সপোন দেখি শিক্ষকতা এৰিলে কাছাৰৰ এজন শিক্ষকে ৷ পাৰিবাৰিক সমস্যাৰ বাবে এবছৰৰ পূৰ্বে পত্নীয়ে ত্যাগ কৰিছিল চৰকাৰী চাকৰি আৰু এইবাৰ বিধায়ক হোৱাৰ সপোন দেখি স্বামীয়ে ত্যাগ কৰিলে চৰকাৰী চাকৰি ৷ ২০২১ ৰ বিধানসভা নিৰ্বাচনত প্রতিদ্বন্দ্বীতা কৰাৰ বাবে চৰকাৰী চাকৰি ত্যাগ দিলে কাছাৰ জিলাৰ উধাৰবন্ধ সমষ্টিৰ বিষ্ণুপ্রসাদ মাহাতো নামৰ শিক্ষক জনে ৷ লক্ষ্য এটাই বিধায়ক হোৱা ৷ পেচাত তেওঁ আছিলে জয়পুৰ ৰামচন্দ্ৰ বৰ্মন পাব্লিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এজন শিক্ষক ৷ ঘৰ উধাৰবন্ধ বিধানসভা সমষ্টিৰ হৰি নগৰত ৷ পিছে এইবাৰ শিক্ষক মহাশয়ৰ মন গ’ল উধাৰবন্ধ সমষ্টিৰ বিধায়ক হোৱাৰ ৷ ৰাজনীতিৰ পথাৰত প্ৰৱেশ কৰাৰ বাবেই চাকৰিৰ পৰা অৱসৰ লৈছে শিক্ষক ছাৰে ৷ জনতাৰ সেৱা কৰিবলৈ চৰকাৰী চাকৰি ত্যাগ দিলে বিষ্ণুপ্রসাদ মাহাতোৱে ৷
বিধায়ক হোৱাৰ সপোন দেখি চাকৰি ত্যাগ কৰিলে এজন শিক্ষকে
২০২১ৰ বিধানসভা নিৰ্বাচনত প্রতিদ্বন্দিতা কৰাৰ বাবে চৰকাৰী চাকৰি ত্যাগ দিলে কাছাৰ জিলাৰ উধাৰবন্ধ সমষ্টিৰ বিষ্ণুপ্রসাদ মাহাতো নামৰ শিক্ষক জনে ৷ লক্ষ্য এটাই, বিধায়ক হোৱা ৷ পেচাত তেওঁ আছিলে জয়পুৰ ৰামচন্দ্ৰ বৰ্মন পাব্লিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এজন শিক্ষক ৷
উল্লেখযোগ্য যে, বিষ্ণুপ্রসাদ মাহাতোৰ সমাজ সেৱাৰ প্ৰতি আকৃষ্ট হৈ ৰাইজে এই বেলি তেওঁক নিৰ্বাচনত প্ৰতিদ্বন্দীতা কৰিবলৈ দাবী জনাইছে ৷ সেই দাবীৰ প্ৰতি সহাৰি জনাই আসন্ন বিধানসভা নিৰ্বাচনত উধাৰবন্দ সমষ্টিৰ পৰা বিজেপিৰ হৈ প্ৰাথীত্ব বিছাৰিছে বিষ্ণুপ্রসাদ মাহাতোৱে ৷ ইতিমধ্যে তেওঁ বিজেপিৰ পৰা প্ৰাথীত্ব বিছাৰি দাবী জনাই ৰাজ্যিক বিজেপিৰ সভাপতিক অৱগত কৰিছে ৷ তেওঁৰ দাবী যদি বিজেপিয়ে তেওঁক প্ৰাৰ্থীত্ব প্ৰদান কৰে তেনেহলে তেওঁৰ জয় নিশ্চিত ৷ আনহাতে যদি বিজেপি দলে তেওঁক টিকট নিদিয়ে তেনেহলে তেওঁ ৰাইজৰ বাবে নিৰ্দলীয় প্ৰাৰ্থী হৈ এইবাৰৰ নিৰ্বাচনত প্রতিদ্বন্দ্বীতা কৰিব বুলি মন স্থিৰ কৰিছে শিক্ষকতাৰ চাকৰীৰ পৰা পদত্যাগ কৰা বিষ্ণুপ্রসাদ মাহাতোৱে ৷ পিছে চৰকাৰী চাকৰি ত্যাগ কৰি বিধায়ক হোবাৰ সপোন সফল হয় নে নহয় সেয়া সময়তহে লক্ষণীয় হ’ব ৷
লগতে পঢ়কঃ ৰাজনৈতিক ভৱিষ্যৎ অনিশ্চয়তাত মঙলদৈৰ বিধায়ক গুৰুজ্যোতি দাসৰ