কাছাৰ, 28 মে': লক ডাউনৰ মাজতে কাছাৰৰ জিলাৰ সোনাই ৰোডত সংঘটিত হৈছে যৌন নিৰ্যাতনৰ ঘটনা ৷ এগৰাকী ঘৰুৱা শিক্ষকৰ দ্ধাৰা যৌন নিৰ্যাতন বলি এগৰাকী কণমানি ছাত্ৰী ৷ ইয়াৰ পাছতে এই ঘটনাৰ ভিডিঅ' নিজে ভাইৰেল কৰিছিল গৌতম দেৱ নামৰ শিক্ষকৰূপী যুৱকজনে ৷ এই ঘটনা পোহৰলৈ অহাৰ পাছতে এতিয়া অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷
লক ডাউনৰ মাজতে কাছাৰত ছাত্ৰীক যৌন নিৰ্যাতনৰ ঘটনা - Sexual abuse incident amid lockdown
এগৰাকী ঘৰুৱা শিক্ষকৰ দ্ধাৰা যৌন নিৰ্যাতন বলি এগৰাকী কণমানি ছাত্ৰী ৷ ইয়াৰ পাছতে এই ঘটনাৰ ভিডিঅ' নিজে ভাইৰেল কৰিছিল গৌতম দেৱ নামৰ শিক্ষকৰূপী যুৱকজনে ৷
![লক ডাউনৰ মাজতে কাছাৰত ছাত্ৰীক যৌন নিৰ্যাতনৰ ঘটনা A student is sexually abused by teacher, teacher released the video](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7375755-thumbnail-3x2-p1.jpg)
লক ডাউনৰ মাজতে কাছাৰত ছাত্ৰীক যৌন নিৰ্যাতনৰ ঘটনা
লক ডাউনৰ মাজতে কাছাৰত ছাত্ৰীক যৌন নিৰ্যাতনৰ ঘটনা
ইতিমধ্যে যুৱকজনক "উম্মিদ " নামৰ এটা বেচৰকাৰী সংস্থাই ৰুজু কৰা গোচৰৰ ভিত্তিত আটক কৰিছে আৰক্ষীয়ে ৷ ইয়াৰ দোষীক উচিত শাস্তিৰ দাবী কৰিছে অঞ্চবাসী ৰাইজে ৷ উল্লেখ্য যে, বিগত দিন কেইটাত বৰাক উপত্যকাত 4 টাকৈ অনুৰূপ ঘটনা সংঘটিত হৈছে বুলি জনাইছে "উম্মিদ " নামৰ এটা বেচৰকাৰী সংস্থাটোৱে ৷ উল্লেখ্য যে, যুৱকজন প্ৰকৃততে শিলচৰৰ বুলি জানিব পৰা গৈছে ৷ কাছাৰৰ জিলাৰ সোনাই ৰোডত ভাড়া ঘৰত আছিল যুৱকজন ৷