শিলচৰ, 28 মাৰ্চ : কাছাৰ জিলাৰ সোনাই সমষ্টিৰ সোনাবাড়িঘাটত চাঞ্চল্যকৰ ঘটনা ৷ কৰ্তব্য সমাপন কৰি ঘৰলৈ ওভতাৰ পথত এগৰাকী জোৱানক আক্ৰমণ একাংশ লোকৰ ৷ ঘটনা স্থলীতেই প্ৰাণ হেৰুৱাই অসম আৰক্ষীৰ এ আই এছ এফত কৰ্মৰত বক্তাৰ উদ্দিন বৰভূঞা নামৰ লোকজনে ৷ লক্ষীপুৰৰ বিন্নাকান্দিত নিজ কৰ্তব্য সমাপন কৰি ঘৰলৈ ওভতি আহোতেই একাংশ লোকৰ সৈতে সংঘৰ্ষৰ সূত্ৰপাত হয় বৰভূঞাৰ ৷ উন্মত্ত লোকৰ দলটোৱে উপৰ্যুপৰি প্ৰহাৰ কৰাত মৃত্যুক সাৱটি লয় লোকজনে ৷
সোনাবাড়িঘাটত এগৰাকী এ আই এছ এফ কনিষ্টবলক হত্যা ! - কাছাৰ জিলাৰ সোনাই সমষ্টি
সোনাবাড়িঘাটত কৰ্তব্য সমাপন কৰি ঘৰলৈ ওভতাৰ পথত এগৰাকী জোৱানক হত্যা ৷ সন্দেহৰ আৱৰ্তত সমগ্ৰ ঘটনা ৷
ইতিমধ্যে বক্তাৰ উদ্দিনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ অনা হৈছে ৷ ঘটনাৰ খবৰ পোৱা মাত্ৰেই বিন্নাকান্দিত উপস্থিত হয় জিলা আৰক্ষী অধীক্ষক মানবেন্দ্ৰ দেৱৰয় আৰু আন আৰক্ষী বিষয়াসকল ৷ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি ঘটনাত জড়িত থকাৰ সন্দেহত এজক আটক কৰিছে ৷ আটকাধীন লোকজনৰ নাম আবেদ মজুমদাৰ ৷ একাংশলোকক জুম বান্ধি নাথাকিবলৈ কোৱাৰ বাবেই লোকজনক প্ৰহাৰ কৰা বুলি জানিবলৈ দিছে স্থানীয় লোকে ৷ আনহাতে আৰক্ষীসূত্ৰই জনোৱা মতে,উচ্চ ৰক্তচাপজনিত কাৰণত মৃত্যু হৈছে বক্তাৰ উদ্দিনৰ ৷
লগতে পঢ়ক :লক ডাউন ভংগ কৰি যোৰহাটত গ্ৰেপ্তাৰ 60 জন