অসম

assam

ETV Bharat / state

ভাৰত-বাংলা সীমান্তৰ টুকৰগ্ৰামত 'বিপদ বন্ধু বাহিনীৰ' প্ৰশংসনীয় পদক্ষেপ - MOCK DRILL PROGRAM

ভাৰত-বাংলা সীমান্তৰ বিপদ সংকুল গাঁও টুকৰগ্ৰামত অসম বিপদ বন্ধু বাহিনীৰ উদ্যোগত শনিবাৰে মক্ ড্ৰীল কাৰ্যসূচী অনুষ্ঠিত ৷ পুণৰ এনে অনুষ্ঠান আয়োজন কৰিবলৈ আহ্বান স্থানীয় ৰাইজৰ ৷

টুকৰগ্ৰামত 'বিপদ বন্ধু বাহিনীৰ' প্ৰশংসনীয় পদক্ষেপ
টুকৰগ্ৰামত 'বিপদ বন্ধু বাহিনীৰ' প্ৰশংসনীয় পদক্ষেপ

By

Published : Dec 29, 2019, 4:20 AM IST

টুকৰগ্ৰাম, 28 ডিচেম্বৰ:ভাৰত-বাংলা সীমান্তৰ বিপদ সংকুল গাঁও টুকৰগ্ৰামত অসমবিপদ বন্ধু বাহিনীৰ উদ্যোগত শনিবাৰে মক্ ড্ৰীল কাৰ্যসূচী অনুষ্ঠিত কৰে ৷ উল্লেখ্য যে, কুশিয়াৰা নৈৰ পাৰৰ এই গাঁওখন বৰ্তমানেও এখন অনুন্নত গাঁও হিচাপে পৰিগণিত হৈ আহিছে ৷ স্থানীয় বাসিন্দা সকলে নদী পথেৰেই বৰ্তমানেও বিপদ সংকুল যাত্ৰা অব্যাহত ৰাখিছে এই গাঁৱত ৷

'বিপদ বন্ধু বাহিনীৰ' প্ৰশংসনীয় পদক্ষেপ

সেয়েহে অসম চৰকাৰৰ অগ্নি নিৰ্বাপক আৰু আপাতকালীন বিভাগৰ অধীনত বিপদ বন্ধু বাহিনীয়ে গাঁওবাসীৰ সজাগতাৰ প্ৰতি লক্ষ্য ৰাখি মক্ ড্ৰীল কাৰ্যসূচী অনুষ্ঠিত কৰে ৷ য'ত গাওঁবাসীক তেওঁলোকে আপাতকালীন অৱস্থাত গ্ৰহণ কৰিব পৰা কেতবোৰ পন্থাৰ বিষয়ে প্ৰশিক্ষণ প্ৰদান কৰে ৷ বিপদ বন্ধু বাহিনীৰ এই উল্লেখযোগ্য পদক্ষেপৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে পুণৰ এনে অনুষ্ঠান আয়োজন কৰিবলৈ আহ্বান জনাইছে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক:গছৰ পাতত সুৰৰ লহৰ তুলিছে আমগুৰিৰ এগৰাকী শিল্পীয়ে

ABOUT THE AUTHOR

...view details