অসম

assam

ETV Bharat / state

শিলচৰ ৰে’ল ষ্টেচনত ধৰ্ষণৰ বলি বহিঃৰাজ্যৰ যুৱতী - শিলচৰ

ভ্ৰমণলৈ অহা এগৰাকী মিজো যুৱতী মঙলবাৰে শিলচৰত আৰক্ষীৰ কামনাৰ বলি হয়  ৷ জঘন্য কাণ্ডটো সংঘটিত হৈছে শিলচৰ ৰে’ল ষ্টেচনত ৷ নিশাৰ আন্ধাৰৰ সুযোগ লৈ চৰকাৰী ৰে’ল আৰক্ষীৰ এটা দলে যুৱতীগৰাকীক ধৰ্ষণ কৰে ৷

শিলচৰ
ধৰ্ষণকাণ্ড

By

Published : Jan 10, 2020, 7:10 PM IST

শিলচৰ,10 জানুৱাৰীঃদেশত চাঞ্চল্য সৃষ্টিকাৰী নিৰ্ভয়া কাণ্ডৰ ধৰ্ষণকাৰীক ফাঁচীৰ শাস্তি ঘোষণা কৰাৰ সময়তে শিলচৰত সংঘটিত হৈছে এক ধৰ্ষণৰ ঘটনা ৷ ভ্ৰমণলৈ অহা এগৰাকী মিজো যুৱতী মঙলবাৰে শিলচৰত আৰক্ষীৰ কামনাৰ বলি হয় ৷ জঘন্য কাণ্ডটো সংঘটিত হৈছে শিলচৰ ৰে’ল ষ্টেচনত ৷

প্ৰাপ্ত তথ্য অনুসৰি, আইজলৰ বাসিন্দা যুৱতীগৰাকীয়ে বন্ধুৰ সৈতে মঙলবাৰে শিলচৰ ভ্ৰমণলৈ আহে ৷ সন্ধিয়া যুৱতীগৰাকী উপস্থিত হয় শিলচৰ ৰে’ল ষ্টেচনত ৷ উক্ত সময়ত যুৱতী গৰাকীৰ বন্ধুজন সুৰাত মগ্ন হৈ আছিল ৷ এই অৱস্থাৰ সুযোগ লৈ চৰকাৰী ৰে’ল আৰক্ষীৰ এটা দলে যুৱতীগৰাকীক ধৰ্ষণ কৰে ৷ ঘটনা সন্দৰ্ভত বুধবাৰে স্থানীয় আৰক্ষী চকীত এজাহাৰ দাখিল কৰে ভুক্তভোগী যুৱতীয়ে ৷ যুৱতীগৰাকীৰ এজাহাৰৰ ভিত্তিত বৃহস্পতিবাৰে তাৰাপুৰ আৰক্ষীয়ে চৰকাৰী ৰে’ল আৰক্ষীৰ কৰ্মৰত বিষয়াসকলক থানালৈ মাতি আনে ৷ আৰক্ষী থানাতে যুৱতীগৰাকীয়ে ধৰ্ষণকাৰী দুজনক চিনাক্ত কৰে ৷ উত্তম দাস আৰু শ্বৰিফ উদ্দিন বৰভূঞা নামৰ ৰে’ল আৰক্ষী দুজনক ইতিমধ্যে ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা হৈছে ৷

চৰকাৰী ৰে’ল আৰক্ষীৰ বিষয়া জড়িত

শিলচৰত সংঘটিত জঘন্য কাণ্ডটোক গৰিহণা দিছে স্থানীয় ৰাইজে ৷ লগতে ধৰ্ষণত জড়িত দুই আৰক্ষীৰ ফাঁচীৰ বাবে চৰকাৰক দাবী জনাইছে ৷

লগতে চাওকঃশুকুৰবাৰে নিয়া আদালতত হাজিৰ অখিল গগৈক

ABOUT THE AUTHOR

...view details