অসম

assam

ETV Bharat / state

সুদীৰ্ঘ 6 মাহৰ অন্তত ঘৰলৈ ওভতিল মেঘালয়ৰ দুৰ্ভগীয়া মহিলা

সুদীৰ্ঘ 6 মাহৰ অন্তত ঘৰলৈ ওভতিল মেঘালয়ৰ ৰাখী দেৱ নামৰ দুৰ্ভগীয়া মহিলাগৰাকী ৷ দুই সন্তানৰ মাতৃগৰাকী 6 মাহৰ পৰা কলকাতা আৰু অসমত বন্দী হৈ আছিল ৷

লগত দুই সন্তান
সুদীৰ্ঘ 6 মাহৰ অন্তত ঘৰলৈ ওভতিল মেঘালয়ৰ দুৰ্ভগীয়া মহিলা

By

Published : Jul 4, 2020, 12:08 PM IST

শিলচৰ, 4 জুলাই : কৰ'ণা মহামাৰীৰ ফলত ঘোষণা কৰা লক ডাউনে বিভিন্ন লোকৰ জীৱনলৈ দূৰ্দশা নমাই আনিছে ৷ এনেদৰে সুদীৰ্ঘ 6 মাহ ধৰি কলকাতা আৰু অসমত বন্দী হৈ থাকিব লগা হৈছিল মেঘালয়ৰ লেও দহ এলেকাৰ এগৰাকী মহিলা ৷ এই দুৰ্ভগীয়া মহিলাগৰাকীৰ নাম ৰাখী দেৱ ৷

সুদীৰ্ঘ 6 মাহৰ অন্তত ঘৰলৈ ওভতিল মেঘালয়ৰ দুৰ্ভগীয়া মহিলা

ব্যৱসাৰ কাৰণে ৰাখী দেৱে কলকাতালৈ যোৱাৰ পাচতে দেশজুৰি ঘোষণা কৰা হৈছিল লক ডাউন । ফলত তিনিমাহ ধৰি কলকাতাত থকাৰ পাচত শিলচৰৰ জয়পুৰত আহি মহিলাগৰাকী উপস্থিত হয় ৷ লগত দুটাকৈ সন্তান থকা মহিলাগৰাকীয়ে 28 দিন ধৰি কোনো আত্মীয়ৰ বাসগৃহত হোম কোৱাৰেন্টাইনত থাকে ৷

কিন্তু, টকা পৰিশোধ কৰিব নোৱাৰা বাবে আত্মীয়ই ৰাখী দেৱক ঘৰৰ পৰা বাহিৰ কৰি দিয়ে । উপায়ন্তৰ হৈ মহিলাগৰাকীয়ে নিজ সন্তানৰ কাণৰ ফুলি বন্ধকত ৰাখি কাছাৰৰ জিলা দণ্ডাধীশৰ কাৰ্যালয়ত উপস্থিত হয় । এই খবৰ লাভ কৰাৰ পাচতে আন্তৰ্জাতিক মানৱাধিকাৰ কাউন্সিলে মহিলাগৰাকীক লৈ DDMA কাৰ্যালয়ত যোগাযোগ কৰি তেওঁক ঘৰত পঠোৱাৰ ব্যৱস্থা কৰে ।

লগতে পঢ়ক : সিন্ধু দৰ্শন পূজাত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী মোডীৰ

ABOUT THE AUTHOR

...view details