বদৰপুৰ, 19 মে': লক ডাউনৰ বাবে দিশহাৰা হৈছে বহিঃৰাজ্যত কৰ্মৰত উত্তৰ-পূৱৰ বহু যুৱক ৷ খাদ্যৰ সংকটৰ লগতে আৰ্থিক সমস্যাত পৰি দিশহাৰা হৈছে কৰ্মৰ সূত্ৰে বহিঃৰাজ্যত থকা হাজাৰ হাজাৰ যুৱক ৷ ৰাজ্য চৰকাৰে যুৱক সকলক নিজ ঠাইলৈ অনাৰ ব্যৱস্থা কৰিছে যদিও তাৰ পৰাও বঞ্চিত হৈছে বহু যুৱক ৷ এনেদৰে নানান সমস্যাৰ সন্মুখীন হৈ অৱশেষত মটৰ চাইকেলেৰে আহি বদুপুৰত উপস্থিত হৈছে হাৰিয়ানাৰ বিভিন্ন ঠাইত কৰ্মসূত্ৰে থকা ত্ৰিপুৰাৰ ছয়জনকৈ যুৱক ৷
হাৰিয়ানাৰ পৰা বাইকেৰে আহি বদৰপুৰত উপস্থিত ছয় যুৱক - A group of youth reached badarpur from Hariyana by bike
মালিক পক্ষই কোনো ধৰণৰ সহায় নকৰাত তথা ৰাজ্য চৰকাৰৰ পৰা কোনো সহায় লাভ নকৰাত অৱশেষত বাইকেৰেই নিজ গৃহ অভিমুখে ৰাওনা হয় ছয়জনীয়া যুৱকৰ দল ৷
![হাৰিয়ানাৰ পৰা বাইকেৰে আহি বদৰপুৰত উপস্থিত ছয় যুৱক A group of youth reached badarpur from Hariyana by bike](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7256666-828-7256666-1589866928836.jpg)
যুৱক কেইজনে জনোৱা অনুসৰি লক ডাউনৰ বাবে সকলো বন্ধ হৈ পৰাত তীব্ৰ অৰ্থ সংকটৰ লগতে বিভিন্ন সমস্যাত পৰিছিল তেওঁলোক ৷ মালিক পক্ষই কোনো ধৰণৰ সহায় নকৰাত তথা ৰাজ্য চৰকাৰৰ পৰা কোনো সহায় লাভ নকৰাত অৱশেষত বাইকেৰেই নিজ গৃহ অভিমুখে ৰাওনা হয় তেওঁলোক ৷ অৱশেষত ছয়দিনৰ অন্তত নিজ বাসগৃহত উপস্থিত হয় যুৱক কেইজন ৷ গুৱাহাটী, শ্বিলং হৈ বদৰপুৰত আহি উপস্থিত হোৱাৰ পিছত যুৱক কেইজনক কৰ'ণা স্কেনিং কৰি ত্ৰিপুৰাৰ নিজ ঘৰৰ অভিমূখে ৰাওনা হোৱাৰ অনুমতি দিয়া হৈছে ৷
লগতে পঢ়কঃ কেইবাটাও গুৰুত্বপূৰ্ণ অৰ্থনৈতিক ঘোষণা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ