অসম

assam

ETV Bharat / state

ভুৱা বিজ্ঞাপন দি ৰঙাঘৰলৈ যাবলগীয়া হ'ল এজন

চেন্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ ভুৱা বিজ্ঞাপন দি ৰঙাঘৰলৈ যাবলগীয়া হ'ল এজন ৷ অনলাইনত চেন্ত্ৰেল বেংকৰ পদ খালী থকা বুলি বিজ্ঞাপন দি শিলচৰ আৰক্ষীৰ  জালত ৰাজা দাস নামৰ প্ৰৱঞ্চকজন ৷

By

Published : Aug 1, 2019, 11:29 PM IST

ভুৱা বিজ্ঞাপন দি ৰঙাঘৰলৈ যাবলগীয়া হ'ল এজন

শিলচৰ, 1 আগষ্ট : চেন্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ ভুৱা বিজ্ঞাপন দি বৃহস্পতিবাৰে সাক্ষাৎকাৰ গ্ৰহন কৰাৰ সময়তে এজন প্ৰৱঞ্চকক হাতেলোটে ধৰা পেলায় একাংশ চাকৰিপ্ৰাৰ্থীয়ে ৷ শিলচৰৰ "গেট ৱে হোটেলত সাক্ষাৎকাৰৰ লোৱা সময়তে আৰক্ষীক গতাই দিয়া হয় প্ৰৱঞ্চক জনক ৷ 27 জুলাইত চেন্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ কেবাটাও খালী হোৱা পদত চাকৰিৰ বাবে বিজ্ঞাপন দিয়া হৈছিল অন লাইন জৰিয়তে OLX আৰু NAKARI.COM ৱেৱ চাইড দুটাত ৷ সেই বিজ্ঞাপনত দিয়া এটা মোবাইল ফোন নম্বৰত যোগাযোগ কৰে কিছুমান বৰাকৰ নিবনুৱা যুৱকে ৷ ফোনত চাকৰি প্ৰাৰ্থী সকলক বৃহস্পতিবাৰে শিলচৰৰ গেট ৱে হোটেলত উপস্থিত হ'বলৈ অনুৰোধ কৰে ৰাজা দাস অভিজিত দাস নামৰ কৰিমগঞ্জৰ এইজন প্ৰৱঞ্চকে ৷ সেই মতে, 18 জন যুৱক যুৱতী উপস্থিত হয় হোটেল গেট ৱেত ৷ হোটেলৰ এটা কোঠাৰ বিচনাত চাকৰিৰ আবেদন গ্ৰহণ আৰু সাক্ষাৎকাৰ লোৱাৰ ধৰণ-কৰণ দেখি সন্দেহ হয় চাকৰি প্ৰাৰ্থী সকলৰ ৷ পিচত লগে লগে, শিলচৰৰ স্থানীয় চেন্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ কাৰ্যলয়ত গৈ বিজ্ঞাপন সন্দৰ্ভত খা খবৰ লোৱাৰ পিচতে আচল কথাতো ধৰা পৰে ৷ পিচত শিলচৰ আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে প্ৰৱঞ্চক ৰাজা দাসক আটক কৰে ৷ আৰক্ষীৰ হাতত বেংকৰ ভুৱা বিজ্ঞাপন আৰু সাক্ষাৎকাৰ অনুষ্ঠিত কৰা বুলি স্বীকাৰ কৰে প্ৰৱঞ্চক ৰাজা দাসে প্ৰৱঞ্চক ৰাজা দাসে ৷

ভুৱা বিজ্ঞাপন দি ৰঙাঘৰলৈ যাবলগীয়া হ'ল এজন

ABOUT THE AUTHOR

...view details