অসম

assam

By

Published : Feb 17, 2021, 4:57 PM IST

ETV Bharat / state

অসম বচাওঁ শ্ল'গানেৰে কাছাৰত নিৰ্বাচনীক ৰণডংকা সুস্মিতা দেৱৰ

কাছাৰত 'অসম বচাওঁ' মন্ত্ৰণাৰে নিৰ্বাচনীক ৰণডংকা বজালে সৰ্বাভাৰতীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰী সুস্মিতা দেৱে ৷ সমদল কৰি শতাধিক কংগ্ৰেছ কৰ্মীয়ে একলেগে চিঞৰি ক'লে 'বিজেপি হতাও, অসম বচাওঁ' ৷

"Assam Bachao"Start In Silchar
অসম বচাওঁ শ্ল'গানেৰে কাছাৰত নিৰ্বাচনীক ৰণডংকা সুস্মিতা দেৱৰ

শিলচৰ, 17 ফেব্ৰুৱাৰী : কাছাৰত 'অসম বচাওঁ' মন্ত্ৰণাৰে নিৰ্বাচনীক ৰণডংকা বজালে সৰ্বাভাৰতীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰী সুস্মিতা দেৱে ৷ সমদল কৰি শতাধিক কংগ্ৰেছ কৰ্মীয়ে একলেগে চিঞৰি ক'লে 'বিজেপি হতাও, অসম বচাওঁ' ৷

উল্লেখ্য যে, কংগ্ৰেছৰ 'অসম বচাওঁ' অভিযানৰ লগত সংগতি ৰাখি কাছাৰ জিলা কংগ্ৰেছৰ উদ্যোগত বুধবাৰে এক বিশাল সমদল উলিওৱা হয় ৷ সমদলত অংশগ্ৰহণ কৰে সৰ্বাভাৰতীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰী সুস্মিতা দেৱ, কংগ্ৰেছ নেতা অজিত সিং আৰু অনিৰুদ্ধ সিঙে ৷

অসম বচাওঁ শ্ল'গানেৰে কাছাৰত নিৰ্বাচনীক ৰণডংকা সুস্মিতা দেৱৰ

শিলচৰৰ ক্ষুদিৰাম মুৰ্ত্তিৰ সমীপৰ পৰা আৰম্ভ হোৱা এই সমদলে কাছাৰ জিলাৰ সদৰ পৰিভ্ৰমণ কৰে ৷ সমদলৰ সময়ত কাছাৰ জিলাৰ কংগ্ৰেছ কৰ্মীসকলে কংগ্ৰেছ জিন্দাবাদ, অসম বচাওঁ আহক, বিজেপি গ'বেক আদি শ্ল'গানেৰ উত্তাল কৰি তোলে ৰাজপথ ৷ উল্লেখ্য যে, চাইকেল চলাই সমদলত অংশগ্ৰহণ কৰে সুস্মিতা দেৱে ৷

লগতে পঢ়ক: সময়সীমা সমাপ্ত: কি হ'ব অপহৃতৰ ?

ABOUT THE AUTHOR

...view details