অসম

assam

ETV Bharat / state

লেশমানো উন্নয়নে ঢুকি নোপোৱা এখন গাঁও - দুৰ্দশাগ্ৰস্ত ৰাইজ

চৰকাৰৰ উন্নয়নৰ ফোঁপোলা স্বৰূপ উদঙাইছে এখন গাঁৱে ৷ স্বাধীনতাৰ 72 বছৰৰ পিচতো গাঁওবাসীয়ে চিনি নাপায় এম্বুলেঞ্চ ৷ গাঁওখনত নাই বিদ্যুতৰ ব্যৱস্থা ৷ PWD কাৰ্যালয়ৰ পৰা মাত্ৰ 30 কিলোমিটাৰ নিলগত গাঁওখন,তথাপি নাই বাট-পথৰ সুব্যৱস্থা। তাৰোপৰি খোৱাপানীৰ যোগান,এখন দলঙৰো অভাৱ গাঁওখনত ৷ অভাৱেৰে উভৈনদী এই গাঁওখনলৈ নেতা আহে নেতা যায়,কিন্তু সমস্যাবোৰ সমস্যা হৈয়েই থাকি যায় ।

লেশমানো উন্নয়নে ঢুকি নোপোৱা এখন গাঁও
লেশমানো উন্নয়নে ঢুকি নোপোৱা এখন গাঁও

By

Published : Feb 22, 2020, 6:08 PM IST

শিলচৰ, 22 ফেব্ৰুৱাৰীঃকাছাৰ জিলাৰ বৰখোলা সমষ্টিৰ এইখন গাঁৱৰ নাম তেলাচৰা পুঁজি গাঁও ৷ গাঁওবাসীৰ মুখত দেখা যায় কেৱল হতাশাৰ চিন ৷ কাৰণ অভাৱেই হৈছে তেওঁলোকৰ বাবে অতি চিনাকী। আজিৰ ডিজিটেল ইণ্ডিয়াৰ যুগতো গাঁওখনত নাই এটাও বিদ্যুতৰ খুঁটা ৷ নামত এখন চ'লাৰ প্লেট গছত ওলমি থাকিলেও এতিয়াও বিদ্যুতে ঢুকি পোৱা নাই গাঁওখনক ৷ চৰকাৰে প্ৰদান কৰা বিনামূলীয়া বাসগৃহৰ পৰাও বঞ্চিত গাঁৱৰ লোকসকল ৷ এম্বুলেঞ্চৰ নাম নুশুনা গাঁওবাসীয়ে বাঁহৰ চাঙি সাজি ৰোগীক নিবলগীয়া হয় চিকিৎসালয়লৈ ৷ এই গাঁওখনৰ ল’ৰা-ছোৱালীয়ে এতিয়াও পোৱা নাই শিক্ষাৰ পোহৰ ৷ গাঁওখনৰ উঠি অহা প্ৰজন্মৰ বুকুত আছে অলেখ সপোন,কিন্তু আৰ্থিক অভাৱ অনাতনে বাট আগচি ধৰা গাঁওখনৰ ল’ৰা-ছোৱালীৰ চকুত নিৰাশাৰ চিন ৷ বিদ্যালয়ৰ মুখ নেদেখা গাঁওখনৰ ল’ৰা-ছোৱালীবোৰৰ চিকিৎসক,নাৰ্চ হোৱা সপোন যেন সপোন হৈয়ে ৰ’ব ৷

লেশমানো উন্নয়নে ঢুকি নোপোৱা এখন গাঁও

কাছাৰৰ এই তেলাচৰা পুঁজি গাঁৱৰ অৱস্থাৰ দৃশ্য মন্ত্ৰী-বিধায়কৰ দৃষ্টিগোচৰ হৈছে যদিও এতিয়ালৈকে কোনো সাহায্য লাভ কৰা নাই গাঁওবাসীয়ে ৷ চৰকাৰ আহি আছে,গৈ আছে কিন্তু গাঁওখনৰ উন্নয়নক লৈ কাৰো কাণসাৰ নাই ৷ নিৰ্বাচনৰ সময়ত মন্ত্ৰী-বিধায়ক আৰু বিভিন্ন দলে গাঁওখনৰ সকলো সমস্যা সমাধান কৰাৰ প্ৰতিশ্ৰুতি দিলেও নিৰ্বাচনৰ পিছত এই দুৰ্দশাগ্ৰস্ত ৰাইজলৈ পিঠি দিয়ে নেতা-বিষয়াই,যাৰ বাবে এইদৰে বছৰৰ পিছত বছৰ ধৰি জীৱন কটাবলগীয়া হৈছে গাঁওবাসীয়ে ৷

লগতে পঢ়কঃপ্ৰকৃতিৰ দুৰ্যোগ ৰোধৰ এক প্ৰয়াসঃ মেটেকাৰে নিৰ্মাণ আটকধুনীয়া সামগ্ৰী

ABOUT THE AUTHOR

...view details