শিলচৰ, 20 জুন :শিলচৰ চিভিল হাস্পতালত জন্ম লাভ কৰিছে ৫.২ কিল’গ্ৰাম ওজনৰ এটি শিশু ৷ বৃহস্পতিবাৰে দুপৰীয়া চহৰৰ কনকপুৰ অঞ্চলৰ বাসিন্দা জয়া দাস নামৰ এগৰাকী মহিলাই জন্ম দিলে এই শিশুটো ৷ উল্লেখ্য যে, এই অঞ্চলসহ গোটেই ভাৰতবৰ্ষৰ ক্ষেত্ৰত এয়া এক বিৰল ঘটনা বুলি অভিমত ব্যক্ত কৰিছে চিকিৎসকসকলে ৷ চিভিল হাস্পতালত ডঃ আফচৰ আলমৰ তত্ত্বাৱধানত জন্ম হৈছে এই বিৰল শিশুটিৰ ৷
ডঃ আফচাৰ আলমে কয় যে, অসমত জন্ম হোৱা শিশুৰ সাধাৰণতে গড় ওজন থাকে ২.৫ পৰা ৩ কিল’গ্ৰাম ৷ কেতিয়াবা ৪ কিল’গ্ৰাম ওজনৰ শিশুৰ জন্ম হ’লে এই ঘটনা অস্বাভাৱিক বুলি ধৰি লোৱা হয় ৷ সেইক্ষেত্ৰত ৫.২ কিল’গ্ৰাম ওজনৰ এই শিশুটো বিৰল বুলি পৰিগণিত হৈছে ৷ চিকিৎসকে জনোৱা অনুসৰি, মহিলাগৰাকীৰ এয়া দ্বিতীয়টো সন্তান ৷