কাছাৰ,14 মাৰ্চঃদুৰ্নীতিৰ ক্ষেত্ৰত শূণ্য সহনশীলতা গ্ৰহণ কৰা বুলি দাবী কৰা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কাৰ্যকালতে কাছাৰ জিলাত সংঘটিত হৈছে দুৰ্নীতি । কাছাৰ জিলাৰ বৰখলা সমষ্টিৰ চালচাপৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত ঘাগৰা দ্বিতীয় খণ্ডৰ টুকুৰগ্ৰামত 6 কোটি টকা ব্যয়েৰে হোৱা মথাউৰি নিৰ্মাণ কাৰ্যত সংঘটিত হৈছে এই বৃহৎ দুৰ্নীতি ৷ স্থানীয় ৰাইজৰ অভিযোগ ঠিকাদাৰ লোহিত গুলগুলিয়াৰ ওপৰত ৷ অতি নিম্ন মানৰ সামগ্ৰীৰে মথাউৰি নিৰ্মাণৰ অভিযোগ কৰিছে চালচাপৰাৰ স্থানীয় ৰাইজে ৷ আৰম্ভণিৰে পৰা ঠিকাদাৰ জনে নিম্ন মানৰ সামগ্ৰী ব্যৱহাৰ কৰি মথাউৰি নিৰ্মাণ কৰা বুলি অভিযোগ কৰিছে স্থানীয় লোকে। নিৰ্মাণৰ কামত ব্যৱহাৰ কৰা ইটা,নেট,জিও বস্তা,বালি, আদি সকলোতে দুৰ্নীতি সংঘটিত কৰিছে ঠিকাদাৰ লোহিত গুলগুলীয়াই । 6 কোটি টকাৰ এই বৃহৎ খেলিমেলি সন্দৰ্ভত এতিয়া ঠিকাদাৰ জনৰ বিৰুদ্ধে উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰিছে স্থানীয় ৰাইজে ৷
মথাউৰি নিৰ্মাণৰ নামত কাছাৰ জিলাত বৃহৎ দুৰ্নীতিৰ অভিযোগ - embankment scam
ভঙা মথাউৰি নিৰ্মাণৰ নামত কাছাৰ জিলাত সংঘটিত হৈছে 6 কোটিটকীয়া বৃহৎ দুৰ্নীতি ৷ ঠিকাদাৰৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ তুলি উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰিছে স্থানীয় ৰাইজে ৷
মথাউৰি নিৰ্মাণৰ নামত কাছাৰ জিলাত বৃহৎ দুৰ্নীতি
Last Updated : Mar 14, 2020, 12:58 PM IST