শিলচৰ,27 ফেব্ৰুৱাৰীঃ কাছাৰ জিলাৰ মণিপুৰ সীমান্তত আৰক্ষী আৰু চিআৰপিএফৰ যৌথ অভিযানত দুজন ZUF দলৰ নগা বিদ্ৰোহীক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে । ধৃত সন্ত্ৰাসবাদী কেইটাৰ নাম পৌথুইলুং গাংমেই আৰু ৰিকী পোজন ৷
কাছাৰ জিলাৰ মণিপুৰ সীমান্তত আৰক্ষীৰ জালত দুই নগা বিদ্ৰোহী - Casar news
আৰক্ষী আৰু চিআৰপিএফৰ যৌথ অভিযানত দুজন দুধৰ্ষ ZUF দলৰ নগা বিদ্ৰোহী আটক ৷

উল্লেখ্য যে, ধৃত বিদ্ৰোহী কেইটাৰ পৰা আৰক্ষীয়ে ইতিমধ্যে এটা নাইন এমএম পিস্তল আৰু পাঁচ জাই সজীৱ গুলিৰ লগতে এটা মোবাইল ফোন উদ্ধাৰ কৰিছে ৷ আনহাতে ৰিকী পোজন নামৰ বিদ্ৰোহীটোৰ ঘৰ মনিপুৰৰ তামেংলং জিলাত আৰু পৌথুইলুং গাংমেই বিদ্ৰোহীটোৰ ঘৰ নাগালেণ্ডৰ পেৰেন জিলাত বুলি জানিব পৰা গৈছে ৷ তাৰোপৰি বিদ্ৰোহী দুটাৰ পৰা আৰক্ষীয়ে তিনি লাখ টকা আৰু মোবাইল ফোনৰ উপৰিও কেইবাটাও অপহৰণ আৰু ছিনতাইৰ ঘটনাৰ লগত জড়িত থকা বুলি কাছাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক জগদীশ দাসে সদৰী কৰিছে । ইতিমধ্যে ধৃত বিদ্ৰোহী কেইটাক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷