শিলচৰ, 8 জুনঃদেওবাৰে শিলচৰৰ কাটিগৰাৰ কাতিৰাইলৰত সংঘটিত হয় এটি মৰ্মান্তিক ঘটনা ৷ কাতিৰাইলৰৰ এটা পানীৰ টেংকীৰ পৰা উদ্ধাৰ হয় 13 টা মৃত বান্দৰ ৷ স্থানীয় যুৱকে মৃত বান্দৰকেইটা প্ৰত্যক্ষ কৰি লগে লগে বনবিভাগক খবৰ দিয়ে ৷ বনবিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ বান্দৰ কেইটাৰ মৃতদেহ কেইটা উদ্ধাৰ কৰে ৷ উল্লেখ্য যে,কোনো দুষ্কৃতিকাৰীয়ে পানীত বিষ মিলাই দিয়াত বান্দৰকেইটাৰ মৃত্যু হোৱা বুলি সন্দেহ কৰিছে বনবিভাগ তথা আৰক্ষীয়ে ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে শিলচৰ আৰক্ষীয়ে ৷
শিলচৰত পানীৰ টেংকীত উদ্ধাৰ 13 টা বান্দৰৰ মৃতদেহ - শিলচৰত পানীৰ টেংকিত উদ্ধাৰ 13 টা বান্দৰৰ মৃতদেহ
কেৰালাৰ পাছত এইবাৰ ৰাজ্যত জীৱ-জন্তুক নৃশংস হত্যা ৷ শিলচৰত 13 টা বান্দৰৰ মৃতদেহ উদ্ধাৰ ৷ বিষক্ৰিয়াৰ সন্দেহ আৰক্ষী তথা বনবিভাগৰ ৷
![শিলচৰত পানীৰ টেংকীত উদ্ধাৰ 13 টা বান্দৰৰ মৃতদেহ 13 monkey died in water tank at Silchar](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7528340-thumbnail-3x2-p.jpg)
শিলচৰত পানীৰ টেংকীত উদ্ধাৰ 13 টা বান্দৰৰ মৃতদেহ
শিলচৰত পানীৰ টেংকীত উদ্ধাৰ 13 টা বান্দৰৰ মৃতদেহ