ধেমালিতেই কিবা এটা ক’লো , ৰাইজে ভুল বুজিলে : জুবিন গাৰ্গ
ব্ৰাহ্মণ সমাজৰ হৈ বিতৰ্কিত মন্তব্য কৰাৰ পাচত দেওবাৰে বঙাইগাঁৱত মুখ খুলিলে যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গে ৷
ধেমালিতেই কিবা এটা ক’লো , ৰাইজে ভুল বুজিলে : জুবিন গাৰ্গ
বঙাইগাঁঁও,29 জুলাইঃ ব্ৰাহ্মণ সমাজক লৈ বিতৰ্কিত মন্তব্য কৰাৰ পাচত যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গক উভতি ধৰিলে ব্ৰাহ্মণ সমাজে ৷ দেওবাৰে নিশা বঙাইগাঁৱত উপস্থিত হৈ জুবিন গাৰ্গে নিজৰ সুৰ সলনি কৰি এয়া ধেমালিহে বুলি মন্তব্য কৰে ৷ বঙাইগাঁৱত আয়োজিত সদৌ অসম আন্তঃজিলা বক্সিং প্ৰতিযোগিতাৰ বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত হৈ ব্ৰাহ্মণ সম্প্ৰদায়ক উদ্দেশ্যি কোৱা কথাখিনি প্ৰকৃততে ধেমালি বুলি কোৱাৰ লগতে দুই এদিনতে এই বিষয়ে স্পষ্টীকৰণে দিম বুলি কয় জুবিন গাৰ্গে ৷