মানিকপুৰ, ১২ ছেপ্টেম্বৰ:বঙাইগাঁও জিলাৰ মানিকপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত অদলাগুৰী পুৰণিপাৰাত শুৰপোকৰ পৰা পৰিত্ৰাণৰ লগতে সকলো খেতি পথাৰত যি কোনো অপায়-অমঙ্গল নোহোৱাৰ বাবে গাঁৱৰ কৃষকসকলে লক্ষ্মী দেবীক পূজা (Worship of Goddess Lakshmi in Manikpur)অৰ্চনা কৰিছে। উল্লেখযোগ্য যে বিগত ১৫ বছৰ ধৰি এই পূজা-অৰ্চনা কৰি আহিছে কৃষকসকলে ।
ভুক্তভোগী কৃষকসকলে ক্ষোভ প্ৰকাশ কৰি কয় যে অসমত কৃষি বিভাগ আছে যদিও কৃষকসকলক সহায়ৰ বাবে আগবাঢ়ি নাহে । এই বছৰটোত বানপানীয়ে জলা -কলা খুৱাইছে কৃষকসকলক । এই অঞ্চলটোৰ খেতি পথাৰত ভূতৰ ওপৰত দানহ পৰাদি আৰম্ভ হৈছে বহুতো অপায়-অমঙ্গল । নানা ধৰণৰ পোক-পৰুৱাই বিভিন্ন ধৰণে ক্ষতি সাধন কৰিছে ।
কৃষকসকলে ক্ষোভ প্ৰকাশ কৰি কয় যে কুম্ভকৰ্ণ নিন্দ্ৰাত কৃষি বিভাগ । বাৰে বাৰে বিভাগীয় কৰ্তৃপক্ষক আবেদন নিবেদন কৰিও সুফল নাপাই লক্ষ্মী দেৱীৰ ওচৰত শৰণাপন্ন হবলৈ বাধ্য হৈছে । সেয়ে কৃষক ৰাইজে ব্যস্ত হৈ পৰিছে পূজাত । কৃষি পথাৰত যাতে কোনো অপায় -অমঙ্গল নহয় তাৰ বাবে প্ৰত্যেক বছৰে এই মাহত পূজা পাৰ্বন কৰা হয় বুলি কৃষকসকলে কয় । উল্লে্য় যে ১৫ বছৰ আগতে শালি খেতি শুৰপোকে তহিলং কৰিছিল । তাৰ পিছৰে পৰাই গাওঁবাসীয়ে এইমাহত ভগৱানক সন্তুষ্টি কৰাৰ বাবে পথাৰত পূজা অৰ্চনা আৰু নাম-কীৰ্তন কৰে। পথাৰত পূজা আৰু নাম-কীৰ্তন পাঠ কৰিলে কীট পতংগই শালিধান খেতি নষ্ট নকৰে বুলি ধৰ্মীয় বিশ্বাস আছে অঞ্চলটোৰ ৰাইজৰ ।