বঙাইগাঁও, 19 ডিচেম্বৰ :ৰাজ্যত অব্যাহত আছে নাৰী সৰবৰাহ(Women trafficking in Assam) আৰু মানৱ অংগ ব্যৱসায়ৰ দৰে অনৈতিক কাৰ্যকলাপ(Human organ smuggling in Assam) ৷ কিন্তু এই সমূহ অপৰাধ ৰোধৰ বাবে প্ৰতিপল সষ্টম হৈ আছে আৰক্ষী-প্ৰশাসন ৷ যাৰফলত সঘনে আৰক্ষীৰ জালত পৰিছে নাৰীদেহ ব্যৱসায়ী অথবা শিশু-মহিলা সৰবৰাহকাৰী ৷ ইতিমধ্যে বিগত কেইবাদিনত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা উদ্ধাৰ হৈছে বহিঃৰাজ্যত বিক্ৰীৰ বাবে নিয়া কেইবাগৰাকী কিশোৰী-যুৱতী ৷ ৰাজ্যৰ আন প্ৰান্তৰ লগতে বঙাইগাঁৱৰ মানিকপুৰত নাৰী সৰবৰাহকাৰীৰ ভয়ংকৰ জাল সম্প্ৰতি উন্মোচিত হৈছে(Women trafficking raket in Manikpur) ।
শনিবাৰে এক গোপন সূত্ৰৰ পম খেদি বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ আৰক্ষীয়ে অভিযান চলাই দুজনকৈ নাৰী সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়(Two women traffickers arrested by Manikpur Police) । গুৱাহাটীৰ পৰা আটক কৰা এই নাৰী সৰবৰাহকাৰী দুজন ক্ৰমে ছফিকুল ইছলাম আৰু জয়নুদ্দিন আলী বুলি জানিব পৰা গৈছে ৷
জানিব পৰা মতে, ছফিকুল ইছলামে মাণিকপুৰৰ পাতিলাদহাৰ এখন বিদ্যালয়ৰ এগৰাকী কিশোৰীৰ লগত প্ৰেমৰ সম্পৰ্ক গঢ়ি তোলে ৷ ইয়াৰ পিছত বিবাহৰ ছলনাৰে কিশোৰী গৰাকীক অপহৰণ কৰি দিল্লীলৈ লৈ গৈ বিক্ৰী কৰে ।