মাণিকপুৰ, ১৪ এপ্ৰিল :অসম চৰকাৰৰ আঁচনি অৰুণোদয়ৰ পৰা বঞ্চিত হৈ আছে তিনিখনকৈ পঞ্চায়তৰ শতাধিক মহিলা হিতাধিকাৰী(Hundreds of women beneficiaries deprived of Arunoday ascheme) । বঙাইগাঁও জিলাৰ মাণিকপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত পাতিলাদহা, পালেংবাৰী আৰু আলুখুন্দা গাঁও পঞ্চায়তৰ কেইবা শতাধিক মহিলাই ৰাজ্য চৰকাৰৰ জনপ্ৰিয় অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হৈ আছে ।
যি সময়ত অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজক জুৰুলা কৰি তুলিছে, তেনে সময়ত এই তিনিখনকৈ পঞ্চায়তৰ মহিলাসকলে এই আঁচনিৰ সুবিধা লাভৰ পৰা বঞ্চিত হৈ থকাত ক্ষুব্ধ হৈ পৰিছে ।