মাণিকপুৰ,১৪ ছেপ্টেম্বৰ :বঙাইগাঁৱৰ অভয়াপুৰীত ভূমিকেন্দ্ৰিক সংঘাতৰ ভয়ংকৰ পৰিণতি (Land related conflict in Bongaigaon)। অভয়াপুৰী আৰক্ষী থানাৰ অন্তৰ্গত গনবিন্নাত দুই পক্ষৰ সংঘাতৰ পাছত আহত হয় বৃদ্ধা । জানিব পৰা মতে এটা পথেৰে চাৰিচকীয়া বাহন লৈ যোৱাক কেন্দ্ৰ কৰি প্ৰথমে কাজিয়াৰ সূত্ৰপাত হয় ।
শ্বহিদুল ইছলাম নামৰ এজন যুৱকে বৃদ্ধ মহিলাক আক্ৰমণ কৰি আহত কৰাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগীয়ে (Woman injured in land related fight)। আহত মহিলাগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । পৰৱৰ্তী সময়ত শ্বহিদুল ইছলামৰ বিৰুদ্ধে অভয়াপুৰী থানাত এজাহাৰ দাখিল কৰে ভুক্তভোগীয়ে । কিন্তু এজাহাৰ দাখিল কৰাৰ তিনিদিনৰ পাছতো আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে ।