বঙাইগাঁও, 28 জুলাই: ৰাজ্যজুৰি নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণৰ মাজতে বঙাইগাঁৱত এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে ৷ এইবাৰ জিলাখনত দুষ্ট চক্ৰই গাঞ্জা সেৱনৰ প্ৰশিক্ষণ দিয়া ঘটনা সংঘটিত হৈছে (Ganja use training in Bongaigaon) ৷
বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম ৰাজহ চক্ৰৰ অন্তৰ্গত কোকিলাৰ নিজ বাসগৃহতে গাঞ্জা সেৱনৰ প্ৰশিক্ষণ দিয়ে হজৰত আলী নামৰ এজন লোকে ৷ দীৰ্ঘদিন ধৰি গাঞ্জা সেৱনৰ প্ৰশিক্ষণৰ লগতে গাঞ্জা বিক্ৰী কৰি আহিছে হজৰতে ৷
গাঞ্জা সেৱনৰ প্ৰশিক্ষণ দি আৰক্ষীৰ জালত হজৰতৰ পত্নী আৰক্ষীয়ে এই তথ্য গম পোৱাৰ লগে লগে উত্তৰ শালমাৰাৰ মহকুমা আৰক্ষী বিষয়া নিতুমনি দাসৰ নেতৃতত আৰক্ষীৰ এটা বৃহৎ দলে হজৰতৰ ঘৰত তালাচী চলায় ৷ আৰক্ষীয়ে এই অভিযানত ২০৭ গ্ৰাম গাঞ্জাসহ, গাঞ্জা সেৱন কৰা কেবাটাও সামগ্ৰী জব্দ কৰে ৷
আৰক্ষী অহাৰ উমান লাভ কৰি পূৰ্বতে হজৰত আলীয়ে ঘৰৰ পৰা পলায়ন কৰে ৷ পৰৱৰ্তী সময়ত হজৰতৰ ঘৈণীয়েকক আটক কৰে আৰক্ষীয়ে (Woman arrested for teaching Ganja use) ৷ অচিৰেই এই দুস্কাৰ্যৰ লগত জড়িত সকলোকেই আৰক্ষীয়ে শীঘ্ৰেই কৰায়ত্ব কৰিব বুলি জনায় মহকুমা আৰক্ষী বিষয়াজনে ৷
লগতে পঢ়ক:Evil of child marriage: বৰপেটাত চাইল্ড লাইনৰ তৎপৰতাত উদ্ধাৰ নাবালিকা