অসম

assam

ETV Bharat / state

বঙাইগাঁৱত জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ প্ৰতিকৃতি দাহ - বঙাইগাঁওৰ বানপীড়িত অঞ্চলত জল সম্পদ মন্ত্ৰী কেশব মহন্ত

বঙাইগাঁও জিলাৰ জাৰাগুৰীৰ বানপীড়িতে দাহ কৰিলে জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত আৰু উত্তৰ অভয়াপুৰীৰ বিধায়ক আব্দুল হাই নাগৰীৰ প্ৰতিকৃতি । এমাহ পিচত আহিও ক্ষতিগ্ৰস্ত অঞ্চল ভ্ৰমণ নকৰাৰ অভিযোগ

জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত আৰু উত্তৰ অভয়াপুৰীৰ বিধায়ক আব্দুল হাই নাগৰীৰ প্ৰতিমুৰ্তি দাহ

By

Published : Aug 14, 2019, 7:46 PM IST


বঙাইগাঁও, 14 আগষ্ট : বুধবাৰে বঙাইগাঁও জিলাৰ উত্তৰ আৰু দক্ষিণ অভয়াপুৰীৰ বিভিন্ন বান আৰু গৰাখহনীয়া পীড়িত অঞ্চল ভ্ৰমণ কৰে জল সম্পদ মন্ত্ৰী কেশৱ মহন্তই । মন্ত্ৰী জনৰ সৈতে বঙাইগাঁও জিলা উপায়ুক্ত আদিল খান,উত্তৰ অভয়াপুৰীৰ বিধায়ক আব্দুল হাই নাগৰি,প্ৰাক্তন বিধায়ক ভূপেন ৰায় সহ বহুকেইজন নেতাই জিলাখনৰ বিজনীৰ ২ নং জামদোহা অঞ্চল পৰিদৰ্শন কৰে ৷ কিন্তু বিজনীৰ জাৰাগুৰিত জল সম্পদ মন্ত্ৰী কেশৱ মহন্তৰ বান আৰু গৰাখহনীয়া অঞ্চল ভ্ৰমণৰ কথা আছিল যদিও আধা বাটৰ পৰাই ঘূৰি গ'ল মন্ত্ৰী জন । বানৰ এমাহ পাছত আহিও অধিক ক্ষতিগ্ৰস্ত জাৰাগুৰী অঞ্চলত জলসম্পদ মন্ত্ৰী উপস্থিত নোহোৱাত ক্ষোভত স্থানীয় ৰাইজে জল সম্পদ মন্ত্ৰী কেশৱ মহন্ত আৰু উত্তৰ অভয়াপুৰীৰ বিধায়ক আব্দুল হাই নাগৰীৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷

জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত আৰু উত্তৰ অভয়াপুৰীৰ বিধায়ক আব্দুল হাই নাগৰীৰ প্ৰতিমুৰ্তি দাহ

ৰাইজৰ অভিযোগ, আই নদীৰ পাৰত অবৈধ ভাৱে চলি থকা শিল-বালি মহল আৰু স্থানীয় বিধায়ক আব্দুল হাই নাগৰিয়ে জেচিবি লগাই নদীৰ মাজত খান্দি দিয়াৰ ফলত আই নদীয়ে গতিপথ সলাই চাৰি/পাঁচখন গাঁৱৰ ব্যাপক ক্ষতিসাধন কৰিছে ৷


For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details