অসম

assam

By

Published : Feb 16, 2021, 10:57 AM IST

ETV Bharat / state

পেলনীয়া প্লাষ্টিকৰ বটলেৰে নিৰ্মিত ৰাজহুৱা শৌচাগাৰ

বঙাইগাঁৱৰ প্ৰতিভাৱান যুৱ শিল্পী নয়ন নাথে বিভিন্ন কলা-কৌশল প্ৰয়োগ কৰি পৰিৱেশ-পৰিছন্নতাৰ প্ৰতি লক্ষ্য ৰাখি পেলনীয়া প্লাষ্টিকৰ বটলেৰে নিৰ্মাণ কৰি উলিয়াইছে ৰাজহুৱা শৌচাগাৰ ৷ এই শৌচাগাৰ সোমবাৰে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে জিলা উপায়ুক্ত ড৹ এম এছ লক্ষ্মীপ্ৰিয়াই ৷

পেলনীয়া প্লাষ্টিকৰ বটলেৰে নিৰ্মিত ৰাজহুৱা শৌচাগাৰ
পেলনীয়া প্লাষ্টিকৰ বটলেৰে নিৰ্মিত ৰাজহুৱা শৌচাগাৰ

বঙাইগাঁও,16 ফেব্ৰুৱাৰীঃ বঙাইগাওঁ জিলা পানী আৰু অনাময় সমিতিৰ এক উল্লেখনীয় পদক্ষেপ গ্ৰহণ ৷ পৰিৱেশ-পৰিছন্নতাৰ প্ৰতি লক্ষ্য ৰাখি পেলনীয়া প্লাষ্টিকৰ বটলেৰে নিৰ্মাণ কৰি উলিয়াইছে ৰাজহুৱা শৌচাগাৰ ৷ বঙাইগাঁৱৰ প্ৰতিভাৱান যুৱ শিল্পী নয়ন নাথে বিভিন্ন কলা-কৌশল প্ৰয়োগ কৰি উক্ত শৌচাগাৰটো সাজি উলিয়াবলৈ সক্ষম হৈছে ।

এই শৌচাগাৰ সোমবাৰে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বঙাইগাঁৱৰ জিলা উপায়ুক্ত ড৹ এম এছ লক্ষ্মীপ্ৰিয়াই ৷ এই ৰাজহুৱা শৌচাগাৰ উদ্বোধনী অনুষ্ঠানত জিলা উপায়ুক্ত গৰাকীৰ লগত উপস্থিত থাকে জনস্বাস্থ্য তথা কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা আৰু বিভাগটোৰ সমূহ কৰ্মচাৰীৰ লগতে অঞ্চলটোৰ ৰাইজ ৷

পেলনীয়া প্লাষ্টিকৰ বটলেৰে নিৰ্মিত ৰাজহুৱা শৌচাগাৰ

উল্লেখ্য যে, ইটাৰ সলনি প্ৰায় ৮,০০০ ৰো অধিক পেলনীয়া খোৱা পানীৰ বটল ব্যৱহাৰ কৰি শৌচাগাৰটো নিৰ্মাণ কৰা হৈছে ৷ শৌচাগাৰটোৰ বেৰসমূহ পৰ্যাপ্ত পৰিমাণে মজবুত কৰিবলৈ খালী পেলনীয়া বটলসমূহৰ ভিতৰত চিমেণ্ট, সৰু শিলগুটি, বালি আদি সুমুৱাই বটলৰ সাঁফৰটো টানকৈ মাৰি দিয়া হৈছে ৷

পেলনীয়া প্লাষ্টিকৰ বটলেৰে নিৰ্মিত ৰাজহুৱা শৌচাগাৰ

এই শৌচাগাৰটো উদ্বোধন কৰি উপায়ুক্তগৰাকীয়ে মন্তব্য কৰে যে, বঙাইগাঁও জিলাখনক প্লাষ্টিকমুক্ত কৰাৰ ক্ষেত্ৰত এনেধৰণৰ শৌচাগাৰ নিৰ্মাণ এক সৃজনশীল পদক্ষেপ ৷ প্লাষ্টিক জাতীয় সামগ্ৰীৰ সঠিক নিষ্কাশনৰ ক্ষেত্ৰত এক অতি উপযোগী পদক্ষেপ বুলি অভিহিত কৰিব পাৰি । পেলনীয়া প্লাষ্টিকৰ বটলৰ পুনৰ ব্যৱহাৰৰ জৰিয়তে নিৰ্মাণ কৰা এই শৌচাগাৰটোৱে নিশ্চিতভাৱে সকলোকে এক সকাৰাত্মক দিশত প্লাষ্টিকৰ ব্যৱহাৰৰ বাবে উৎসাহিত কৰিব ৷

পেলনীয়া প্লাষ্টিকৰ বটলেৰে নিৰ্মিত ৰাজহুৱা শৌচাগাৰ

উল্লেখ্য যে, প্লাষ্টিক মাটিৰ সৈতে মিহলি হ’বলৈ প্ৰায় ৪৫০ বছৰৰ প্ৰয়োজন হয় ৷ যাৰ ফলত ই মাটিৰ উৰ্বৰা শক্তি সম্পূৰ্ণৰূপে নষ্ট কৰি পেলায় । গতিকে, প্লাষ্টিকৰ পুনৰ ব্যৱহাৰৰ জৰিয়তে প্ৰকৃতিৰ ওপৰত পৰা বিৰূপ প্ৰভাৱ ৰোধ কৰাটো বহু সহায়ক হ'ব ।

লগতে পঢ়কঃৰাজ্যত আলি আয়ে লিগাঙৰ প্ৰস্তুতি তুংগত

ABOUT THE AUTHOR

...view details