অভয়াপুৰী, ২৮ মাৰ্চ:গামোচা বিতৰ্কক লৈ শেহতীয়াকৈ ৰাজ্যজুৰি সৃষ্টি হোৱা প্ৰতিক্ৰিয়া অব্যাহত আছে (Gamocha Controversy in Assam) । অসমীয়াৰ স্বাভিমান গামোচাৰ লগত বঙালীসকলৰ গামোচাখন লগ লগাই যি সমন্বয়ৰ চেষ্টা কৰা হৈছে, তাক লৈ আৰম্ভ হৈছে প্ৰতিবাদ । ৰাজ্য়ৰ বিভিন্ন দল-সংগঠনে এই কাৰ্যক গৰিহনা দিয়াৰ মাজতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বীৰ লাচিত সেনা অসমে । বীৰ লাচিত সেনাই এই ক্ষেত্ৰত সকলো পক্ষকে সকীয়াই দি প্ৰয়োজনত আইনগত ব্যৱস্থা গ্ৰহণ কৰাৰ হুংকাৰ দিয়াৰ লগতে ৰাজ্য়জুৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে (Veer Lachit Sena Assam reacts on Assamese Gamocha Controversy)৷ মানিকপুৰত সংগঠনটোৱ ৰূপায়ণ কৰিলে প্ৰতিবাদী কাৰ্যসূচী ।
মানিকপুৰত বীৰ লাচিত সেনাৰ বঙাইগাঁও জিলা সমিতিয়ে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, মন্ত্ৰী বিমল বড়া আৰু শিলাদিত্যৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ জনায় (Veer Lachit Sena Assam protest in Manikpur)। বঙাইগাঁও জিলাৰ মাণিকপুৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত বীৰ লাচিত সেনাৰ বঙাইগাঁও জিলা সমিতিৰ উদ্যোগত মাণিকপুৰ আঞ্চলিক সমিতিৰ সহযোগত শিক্ষামন্ত্ৰী, শিলাদিত্য আৰু বিমল বড়াৰ প্ৰতিকৃতি দাহ কৰি বিভিন্ন শ্লোগান দিয়ে । বীৰ লাচিত সেনাই অসমত বাঙালী গিৰি নচলিব, শিলাদিত্যক গ্ৰেপ্তাৰ কৰক, বাংলা সাহিত্য সভাৰ ঊৰ্ধতালি নচলিব, শিক্ষা মন্ত্ৰী হায় হায়, আদি শ্লোগানৰে পৰিবেশ উত্তাল কৰি তোলে ।