অসম

assam

ETV Bharat / state

জ্বলিছে অসম : ক্ৰমাৎ অৱনমিত ৰাজ্যৰ পৰিস্থিতি

ৰাজ্যত দাওদাওকৈ জ্বলিছে কেব বিৰোধী জুই,সৰ্বত্ৰে অব্যাহত আছে কেবৰ বিৰুদ্ধে প্ৰতিবাদ,বঙাইগাঁও,হাইলাকান্দি,কাকপথাৰ,গোৰেশ্বৰত প্ৰতিবাদ চলিল বুধবাৰৰ দিনটোত,কোনো কাৰণতে কেব নামানে অসমবাসীয়ে

কোনো কাৰণতে কেব নামানে অসমবাসীয়ে
ৰাজ্যত দাওদাওকৈ জ্বলিছে কেব বিৰোধী জু

By

Published : Dec 11, 2019, 7:21 PM IST

Updated : Dec 11, 2019, 7:30 PM IST

বঙাইগাঁও,11 ডিচেম্বৰঃ ৰাজ্যৰ আন আন প্ৰান্তৰ দৰে বঙাইগাঁওত অব্যাহত আছে কেব বিৰোধী আন্দোলন ৷ জিলাখনৰ কেবাটাও দল-সংগঠনে যৌথভাৱে বুধবাৰে চহৰখনত এক প্ৰতিবাদী সমদল উলিয়ায় ৷ উক্ত প্ৰতিবাদী দলটোৰ ওপৰত আৰক্ষীয়ে আক্ৰমণ কৰে । আৰক্ষীৰ এই আক্ৰমণত আহত হয় বহুজন ৷ বঙাইগাঁৱত কেব সমৰ্থনকাৰীসকলে মঙলবাৰে আছুসদস্যক আক্ৰমণ কৰাক লৈ আছুসহ কেবাটাও সংগঠনে বন্ধ দিছিল চহৰখন ৷ এই প্ৰসংগত আৰক্ষীয়ে বঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ সাধাৰণ সম্পাদক সম্ৰাট ভাৱালক গ্ৰেপ্তাৰ কৰে ৷ পিছে বুধবাৰে পুৱা ১১ বজাত আৰক্ষীয়ে ভাৱালক মুকলি কৰি দিয়ে ৷ ইয়াৰ পিচত বঙাইগাঁও আছু,আক্ৰাছু,অসম যুৱ ছাত্ৰ পৰিষদ,কৃষক মুক্তি,গৰিয়া-মৰিয়াসহ কেবাটাও সংগঠনে কেব বিৰোধী এক প্ৰতিবাদী সমদল বাহিৰ কৰে । কিন্তু তাৎক্ষণিকভাৱে জিলা অতিৰিক্ত আৰক্ষী অধীক্ষকজনে সমদলৰ মাজত অনাধিকাৰ প্ৰৱেশ কৰি লাঠীচালনাৰ লগতে গুলীচালনা তথা কন্দুৱা গেছ প্ৰয়োগ কৰে । ফলত বহুসংখ্যক প্ৰতিবাদকৰী আহত হয় ৷ আৰক্ষীয়ে একমাত্ৰ কেবৰ সমৰ্থনৰ বাবে খেদি খেদি প্ৰহাৰ কৰে প্ৰতিবাদকাৰীসকলক । ঘটনা সন্দৰ্ভত সম্প্ৰতি বঙাইগাঁওত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ তদুপৰি যিকোনো মুহুৰ্ততে দুৰ্ঘটনা ঘটাৰ আশংকা কৰা হৈছে ৷ ৰাজ্যসভাত কেব উত্থাপনৰ বাবে ইতিমধ্যে আক্ৰাছুৱে বৃহস্পতিবাৰে ঘোষণা কৰিছে 24 ঘণ্টীয়া বঙাইগাওঁ বন্ধৰ ৷

বঙাইগাঁওত অব্যাহত আছে কেব বিৰোধী আন্দোলন

হাইলাকান্দিঃ কেব বাতিলৰ দাবীত এতিয়াও প্ৰতিবাদ অব্যাহত আছে বৰাকত ৷ বুধবাৰে পুৱাৰ ভাগৰ পৰা হাইলাকান্দি জিলাত বিভিন্ন দল-সংগঠনে কেব বাতিলৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে । হাইলাকান্দি গণতান্ত্ৰিক ছাত্ৰ সন্থাই ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ ফলত সৃষ্টি হয় ব্যাপক যানজঁট ৷ পিছত অৱৰোধস্থলীত উপস্থিত হয় আৰক্ষী ৷ আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক আটক কৰি থানালৈ আনে । ইপিনে জিলাখনৰ আলগাপুৰত অগপৰ তিনি মন্ত্ৰীৰ পুত্তলিকা দাহেৰে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে বৰাকতপ্ৰৱেশ নিষিদ্ধ কৰে আছুৰ সদস্যসকলে । প্ৰতিবাদী দলটোৱে চৰকাৰ বিৰোধী শ্লোগানৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী ৷

হাইলাকান্দিত গণতান্ত্ৰিক ছাত্ৰ সন্থাৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

কাকপথাৰঃ চৰকাৰক কোনোকাৰণতে কেব মানি নোলোৱাৰ হুংকাৰ প্ৰদান কৰে তিনিচুকীয়াৰ কাকপথাৰবাসীয়ে ৷ সমুহীয়া মুণ্ডনেৰে কাকপথাৰত কেব বিৰোধী প্ৰতিবাদ সাব্যস্ত কৰে একাংশ প্ৰতিবাদকাৰীয়ে ৷ স্থানীয় যুৱক হিৰুজ শইকীয়া,শান্তনু দহোটীয়া,ৰাজেশ শ্বাহ,কালাম হুছেইন,অৰূপজ্যোতি গগৈ,শিৰো শ্বাহ আৰু অতুল বৰাই মুণ্ডন কৰি এই বিধেয়কখনৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ ৷ কেবৰ প্ৰতিবাদৰ ফলত স্বতঃস্ফুৰ্তভাৱে অচল হৈ পৰে কাকপথাৰৰ লগতে ডিৰাক,মহাদেৱপুৰ ইত্যাদি অঞ্চল ৷ বুধবাৰে ৰাজ্যসভাত কেব গৃহীত হ’লেও কাকপথাৰবাসীয়ে ইয়াক গ্ৰহণ নকৰাৰ লগতে সকলোকে বিৰোধীতা কৰিবলৈ আহ্বান জনায় ৷ বুধবাৰে চহৰখনত হাজাৰ হাজাৰ প্ৰতিবাদকাৰী সমবেত হৈ প্ৰতিবাদস্থলীক এক জনসমুদ্ৰলৈ পৰিণত কৰে ৷ প্ৰতিবাদস্থলীত মুখ্যমন্ত্ৰী সোণোৱালৰ প্ৰতিকৃতি ফাঁচি দি প্ৰতিবাদ সাব্যস্ত কৰে কাকপথাৰবাসীয়ে ৷

সমুহীয়া মুণ্ডনেৰে কাকপথাৰত কেব বিৰোধী প্ৰতিবাদ সাব্যস্ত কৰে

গোৰেশ্বৰঃ গোৰেশ্বৰত কেব বিৰোধী আন্দোলন অব্যাহত থকাৰ মাজতে আছুসহ আঠ সংগঠনে উলিয়ালে এক প্ৰতিবাদী ৰেলী । প্ৰতিবাদী দলটোৱে ৰাজপথত টায়াৰ জ্বলাই সাব্যস্ত কৰে প্ৰতিবাদ ৷ ইপিনে প্ৰতিবাদীসকলৰ ৰুদ্ৰমূৰ্তি দেখি মৌন হৈ থাকিল স্থানীয় আৰক্ষী-প্ৰশাসন । ততালিকে প্ৰতিবাদস্থলীত জিলা আৰক্ষী অধীক্ষক, মহকুমা আৰক্ষী বিষয়া উপস্থিত হয়। আৰক্ষী অধীক্ষকগৰাকীৰ সমুখতে আৰক্ষীৰ ভূমিকাক লৈ ক্ষুণ্ণ হৈ পৰে প্ৰতিবাদকাৰী ৷ প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত প্ৰতিবাদকাৰীৰে আলোচনাত মিলিত হয় আৰক্ষী অধীক্ষকগৰাকী । কেবৰ বিৰুদ্ধে প্ৰতিবাদকাৰীসকলে ইতিমধ্যে বৃহস্পতিবাৰে ২৪ ঘণ্টীয়া গোৰেশ্বৰ বন্ধৰ ঘোষণা কৰিছে ৷

গোৰেশ্বৰত আছুসহ আঠ সংগঠনে সাব্যস্ত কৰে প্ৰতিবাদ

লগতে চাওকঃকেব নামানে অসমীয়াইঃ অব্যাহত আছে ক্ৰোধৰ দাবানল

Last Updated : Dec 11, 2019, 7:30 PM IST

ABOUT THE AUTHOR

...view details