বঙাইগাঁও,13 জানুৱাৰী : ভোগালীৰ উৰুকাৰ বাবে বঙাইগাঁৱৰ ঐতিহাসিক তামৰঙা বিলৰ বজাৰত দেখিবলৈ পোৱা গৈছে মানুহৰ সমাগম ৷ বিভিন্ন ঠাইৰ পৰা মাছ কিনিবলৈ ৰাইজৰ লাগিছে হেতা-ওপৰা ।
ঐতিহাসিক তামৰঙা বিলৰ বজাৰত মাছৰ উজান - মাছ
আজি উৰুকা ৷ বঙাইগাঁৱৰ ঐতিহাসিক তামৰঙা বিলৰ বজাৰত গ্ৰাহকৰ ভিৰ ৷ মাছ কিনিবলৈ ৰাইজৰ হেতা-ওপৰা ।

তামৰঙা বিলৰ বজাৰত মাছৰ উজান
তামৰঙা বিলৰ বজাৰত মাছৰ উজান
মাছৰ উজান উঠিছে তামৰঙা বিলৰ বজাৰত ৷ সমগ্ৰ অসমতেই তামৰঙা বিলৰ মাছৰ নাম জনাজাত ৷ এই বিলৰ মাছৰ সোৱাদেই সুকীয়া বুলি মানুহৰ মুখে মুখে প্ৰচলিত ৷ তামৰঙা বিলৰ মাছ বিচাৰি ৰাজ্যৰ ভিন্ন ঠাইৰ পৰা গ্ৰাহক আহে এই বিললৈ । তামৰঙা বিলৰ পৰা গুৱাহাটী, শ্বিলং আদি বিভিন্ন ঠাইলৈ মাছ ৰপ্তানি কৰা হয় ৷
লগতে পঢ়ক :ভোগালী উৰুকাৰ পুৱাই চিৰাঙত মাছৰ উজান
Last Updated : Jan 13, 2021, 10:27 AM IST