অসম

assam

By

Published : Jun 21, 2019, 10:54 PM IST

ETV Bharat / state

বঙাইগাঁৱৰ বাংলাপাৰাত অচিন ৰোগ

স্বাস্থ্য বিভাগে আক্ৰান্ত লোকসকলৰ বাবে উপযুক্ত চিকিৎসা প্ৰদানৰ ব্যৱস্থা নকৰাত বৰ্তমান পৰ্যন্ত কোনো ৰোগীয়ে আৰোগ্য লাভ কৰা নাই ।

বঙাইগাঁৱৰ বাংলাপাৰাত অচিন ৰোগ

উত্তৰ অভয়াপুৰী, 21 জুনঃ বঙাইগাঁৱৰ কোকিলা আৰক্ষী চকীৰ অন্তৰ্গত বাংলাপাৰা গাঁৱত অচিন ৰোগত আক্ৰান্ত হৈছে শ শ লোক ৷ এই ৰোগে ভয়াবহ ৰূপ ধাৰণ কৰাৰ পিছত বিভিন্ন সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পায় যদিও, স্বাস্থ্য বিভাগে আক্ৰান্ত লোকসকলৰ বাবে উপযুক্ত চিকিৎসা প্ৰদানৰ ব্যৱস্থা নকৰাত বৰ্তমান পৰ্যন্ত কোনো ৰোগীয়ে আৰোগ্য লাভ কৰা নাই । আনহাতে, শুকুৰবাৰে ৰোগী সকলৰ বুজ ল'বলৈ উপস্থিত হয় সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ সভাপতি ৰেজাউল কৰিম সৰকাৰৰ নেতৃত্বত এটি দল ৷ গাঁৱখনত আক্ৰান্ত লোকসকলৰ মাজত উপস্থিত হৈ ৰাজ্যৰ স্বাস্থ্য বিভাগক তীব্ৰ সমালোচনা কৰে সভাপতি গৰাকীয়ে । লগতে কি কাৰণত এই অচিন ৰোগ মানুহৰ দেহত পৰিলক্ষিত হৈছে সেয়া স্বাস্থ্য বিভাগক শীঘ্ৰে পৰীক্ষা কৰিবলৈ দাবী জনাই ৰেজাউল কৰিম সৰকাৰে ৷

বঙাইগাঁৱৰ বাংলাপাৰাত অচিন ৰোগ

ABOUT THE AUTHOR

...view details