বঙাইগাঁও, 30 মে’:শুকুৰবাৰে নিশা বঙাইগাঁৱত অচিনাক্ত যুৱক উদ্ধাৰৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে বঙাইগাঁৱত । লকডাউন চলি থকাৰ মাজতে সন্দেহজনক যুৱকক লৈ আতংক বঙাইগাঁও চহৰৰ পুৰণি বঙাইগাঁৱৰ ভাটিপাৰাত ৷ উদ্ধাৰ হোৱা যুৱকজনৰ ঘৰ বিহাৰত আৰু যুৱকজনে চেন্নাইত শ্ৰমিক হিচাপে কাম কৰা বুলি জানিব পৰা গৈছে ৷ যুৱকজন আদিবাসী সম্প্ৰদায়ৰ সন্দেহ বুলি সন্দেহ কৰা হৈছে ৷
বঙাইগাঁৱত অচিনাক্ত যুৱকক লৈ চাঞ্চল্য ! - বঙাইগাঁৱত অচিনাকি যুৱক উদ্ধাৰ
লকডাউনৰ মাজতে বঙাইগাঁৱত অচিনাক্ত যুৱক উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য ৷ উদ্ধাৰ হোৱা যুৱকজন বিহাৰৰ আৰু চেন্নাইত শ্ৰমিক হিচাপে কৰ্মৰত আছিল যুৱকজন ৷ বঙাইগাঁও আৰক্ষীৰ সহযোগত যুৱকজনক বঙাইগাঁও অসামৰিক হাস্পতাললৈ প্ৰেৰণ কৰা হয় ৷

বঙাইগাঁৱত অচিনাকি যুৱক উদ্ধাৰ
বঙাইগাঁৱত অচিনাকি যুৱক উদ্ধাৰ
ৰে’লযোগে চেন্নাইৰ পৰা আহি নিউ বঙাইগাঁও জংচনত নামি দিক-বিদিক হেৰুৱাই অনাই-বনাই ঘুৰি থকাত পুৰণি বঙাইগাৱঁত এটা মন্দিৰত গাঁৱৰ লোকে উদ্ধাৰ কৰে যুৱকজনক ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ যুৱকজনক উদ্ধাৰ কৰি 108 যোগে বঙাইগাঁও অসামৰিক হাস্পতাললৈ প্ৰেৰণ কৰে ৷
লগতে পঢ়ক:লক ডাউন শিথিলৰ পাচতে পুনৰ আৰম্ভ গ্ৰাম্য পথ উন্নয়নৰ কাম