অসম

assam

ETV Bharat / state

বৰপেটা-বঙাইগাঁৱৰ সীমান্তৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা : নিহত 2

বৰপেটা-বঙাইগাঁও জিলাৰ সীমান্তৱৰ্তী অঞ্চল কিচমৎ দ্বাৰিকাত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা (Road accident in Barpeta NH 31) ৷ এই পথ দুৰ্ঘটনাত থিতাতে নিহত হয় দুজন যুৱক ৷ নিহত দুই যুৱক নলবাৰীৰ বেঞ্চিমাৰী জোপাগাঁৱৰ অনচুমা ৰামচিয়াৰী (20) আৰু মোহা বড়ো (18) বুলি জানিব পৰা গৈছে ৷

By

Published : Apr 14, 2022, 12:34 PM IST

two-persons-died-in-a-road-accident-in-barpeta-nh31
31 নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা

মাণিকপুৰ, 14 এপ্ৰিল : গৰু বিহুৰ দিনাই অঘটন ৷ বৃহস্পতিবাৰে পুৱা বৰপেটা-বঙাইগাঁৱৰ সীমান্তৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক পথ দুৰ্ঘটনা (Road accident in Barpeta NH 31) ৷ এই দুৰ্ঘটনাত থিতাতে নিহত হয় দুজন যুৱক ৷ নিহত দুই যুৱকৰ নাম অনচুমা ৰামচিয়াৰী (20) আৰু মোহা বড়ো (18) ৷ দুয়োৰে ঘৰ নলবাৰীৰ বেঞ্চিমাৰী জোপাগাঁৱত বুলি জানিব পৰা গৈছে ৷

প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি, বাঁহ লোড কৰাৰ বাবে 31 নং ৰাষ্ট্ৰীয় ঘাইপথ ৰৈ আছিল এখন ট্ৰাক ৷ সেই সময়ত নলবাৰীৰ পৰা কোকৰাঝাৰ অভিমুখে এখন বাইকত গৈ আছিল দুজনকৈ যুৱক ৷ ইফালে সেই সময়খিনিতে বতৰে কিছু বিধি-পথালি দেখুওৱাত সন্মুখত কি আছে ধৰিব নোৱাৰি ৰৈ থকা ট্ৰাকখনৰ পিছফালে খুন্দা মাৰে AS 14 K 3551 নম্বৰৰ বাইকখনে ৷

বৰপেটাৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা

আনহাতে, দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে NL 01 AA 4141 নম্বৰৰ ট্ৰাককনে সেই স্থানৰ পৰা পলায়ন কৰে । কেৱল এই দুৰ্ঘটনাটোৱে নহয়, পূৰ্বেও এই স্থানত বাঁহ উঠাবলৈ ৰৈ থকা ট্ৰাকৰ বাবে সংঘটিত হৈছে কেইবাটাও পথ দুৰ্ঘটনা ৷ জিলাখনৰ পালেংবাৰীৰ কৰিম নামৰ বাঁহৰ বেপাৰী এজনে স্থানীয় প্ৰশাসনৰ সৈতে বুজাবুজিৰে ৰাষ্ট্ৰীয় ঘাইপথত দুই-তিনি বছৰ ধৰি বাঁহৰ ব্যৱসায় চলাই অহা বুলি স্থানীয় ৰাইজে অভিযোগ তুলিছে । যাৰ পৰিণতিত দুজনকৈ যুৱকে অকালতে মৃত্যুক আঁকোৱালি ল’ব লগা হৈছে ।

লগতে পঢ়ক :ডবকাত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত 4

ABOUT THE AUTHOR

...view details