বঙাইগাঁও,১৩জুন : বৃহস্পতিবাৰে বঙাইগাঁৱৰ বিজিকলনি কালিবাৰীৰ পৰা আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে দুই ড্ৰাগছ ব্যৱসায়ীক । গ্ৰেপ্তাৰ হোৱা লোক দুজন নিউ কলনী কালিবাৰীৰ তাপস ছেত্ৰী আৰু চিৰাঙৰ ঢালিগাঁও থানাৰ অন্তৰ্গত ডাঙাইগাঁওৰ দেৰা বসুমতাৰী । আৰক্ষীয়ে দুয়োজন ড্ৰাগছ বিক্ৰেতাক বঙাইগাঁও সদৰ থানাত ৰাখি জেৰা অব্যাহত ৰাখিছে ।
বঙাইগাঁৱত গ্ৰেপ্তাৰ দুই ড্ৰাগছ ব্যৱসায়ী - বঙাইগাঁও সদৰ থানা
দুদিন পূৰ্বে বঙাইগাঁৱত ড্ৰাগছসহ তিনিজনকৈ লোক গ্ৰেপ্তাৰ কৰা হৈছিল । চহৰখনত বৃদ্ধি পোৱা ড্ৰাগছৰ অবাধ প্ৰচলনে চিন্তিত কৰি তুলিছে সচেতন মহলক ৷

বঙাইগাঁৱত গ্ৰেপ্তাৰ দুজন ড্ৰাগছ বিক্ৰেতা
বঙাইগাঁৱত গ্ৰেপ্তাৰ দুজন ড্ৰাগছ বিক্ৰেতা
উল্লেখ্য যে দুদিন পূৰ্বে বঙাইগাঁৱত ড্ৰাগছসহ তিনিজনকৈ লোক গ্ৰেপ্তাৰ কৰা হৈছিল । চহৰখনত বৃদ্ধি পোৱা ড্ৰাগছৰ অবাধ প্ৰচলনে চিন্তিত কৰি তুলিছে সচেতন মহলক ৷