বঙাইগাঁও ,গোৱালপাৰা, মৰাণ , 27 আগষ্ট : জীৱন-মৃত্যুৰে যুঁজ দি অৱশেষত হাৰ মানিলে ধেমাজিৰ মৰিধল কলেজৰ ছাত্ৰী নন্দিতা শইকীয়াই ৷ ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰ নাৰ্চিং হোমত চিকিৎসাধীন অৱস্থাত বুধবাৰে ছাত্ৰীগৰাকীয়ে মৃত্যুক সাৱটি লয় ৷ মৰিধল মহাবিদ্যালয়ৰে লাইব্ৰেৰীত কৰ্মৰত এগৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ দাৰ ঘাপত আঘাতপ্ৰাপ্ত হৈ মৃত্যুৰে যুঁজ দিছিল ছাত্ৰীগৰাকীয়ে ৷
ৰাজ্যৰ ভিন্ন প্ৰান্তত নন্দিতা শইকীয়ালৈ শ্ৰদ্ধাঞ্জলি জনাইছে বিভিন্ন দল সংগঠন তথা স্থানীয় ৰাইজে ৷ বঙাইগাওঁ জিলাৰ লেংটিছিঙাত নন্দিতা শইকীয়াৰ আত্মাৰ সদগতি কামনাৰ্থে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৱে একাজলি বন্তি প্ৰজ্বলন ও শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰে ৷ নন্দিতা শইকীয়াৰ বিদেহী আত্মাৰ চিৰ শান্তি কামনাৰ্থে বৃহস্পতিবাৰে আমছুৰ তৰফৰ পৰা নন্দিতা শইকীয়ালৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গকো সমবেদনা জ্ঞাপন কৰে ।
ৰাজ্যৰ প্ৰান্তে প্ৰান্তে নন্দিতা শইকীয়ালৈ শ্ৰদ্ধাঞ্জলি ইয়াৰ লগতে দোষীক দৃষ্টান্তমূলক শাস্তি বিহাৰ উপৰিও ভৱিষ্যতে যাতে অসমত এনেধৰণৰ দুৰ্ভাগ্যজনক ঘটনা কোনেও সংঘটিত কৰিব নোৱাৰে তাৰ প্ৰতি অসম চৰকাৰ তথা আৰক্ষী প্ৰশাসনক কঠোৰতকৈও কঠোৰতম শাস্তি বিহিবৰ বাবে অনুৰোধ জনায় সংগঠনটোৱে ।
সমান্তৰালকৈ নন্দিতা শইকীয়াৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে গোৱালপাৰা জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ লগতে স্থানীয় দল-সংগঠনে ৷ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে বৃহস্পতিবাৰে সন্ধিয়া গোৱালপাৰা মহাবিদ্যালয়ৰ সন্মুখত মমবাতি জ্বলাই নন্দিতা শইকীয়ালৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে লগতে নন্দিতাৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে ৷ লগতে নন্দিতা শইকীয়াৰ হত্যাকাৰী ৰিন্টু শৰ্মাক কঠোৰৰ পৰা কঠোৰ শাস্তি বিহিবলৈ দাবী জনায় গোৱালপাৰা জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ জিলা সভাপতি জাকিৰ হুছেইনে।
ৰাজ্যৰ প্ৰান্তে প্ৰান্তে নন্দিতা শইকীয়ালৈ শ্ৰদ্ধাঞ্জলি ইপিনে মৰিধল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়াৰ মৃত্যুত মৰাণত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগতো বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ৷ মৰিধল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়াৰ মৃত্যুত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি মৰাণ আঞ্চলিক সমিতিয়ে মৰাণ ট্ৰেফিক পইণ্টত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জনায় ।
আনহাতে অপৰাধী ৰিন্টু শৰ্মাৰ আক্ৰমণত আহত হৈ চিকিৎসাধীন হৈ থকা আনগৰাকী ছাত্ৰীৰ আৰোগ্য কামনা কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি মৰাণ আঞ্চলিক সমিতিয়ে ।
লগতে পঢ়ক:নন্দিতাৰ হত্যাকাৰীৰ কঠোৰ শাস্তিৰ দাবী জাতীয় মহিলা পৰিষদৰ