মানিকপুৰ, 11 জুন:বঙাইগাঁৱৰ বাওবাৰীত ৰে’লৱে দলংৰ তিনিটা খুটা বহি যোৱাত আবদ্ধ হৈ পৰিছে কেবাখনো ৰে’লগাড়ী (Trains stuck in three poles of the railway bridge) ৷ বাওবাৰীত নতুনকৈ দলং নিৰ্মাণৰ কাম কৰাৰ বাবে poclainৰে মাটি খান্দিবলৈ লওঁতে পুৰণি দলঙৰ তিনিটা খুঁটা বহি যায় । ফলত ৰে’লৱে যাতায়ত ব্যৱস্থা ব্যাহত হৈ পৰে (Trains stuck at Batabari) ।
যাৰ ফলত পাতিলাদহা ৰে’ল ষ্টেচনত নামনিমুৱা নৰ্থ ইষ্ট এক্সপ্ৰেছখন আৱদ্ধ হৈ পৰাত (North East Express stuck at Batabari ) যাত্ৰীৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে । ইফালে নিউ বঙাইগাঁও ৰেলৱে ষ্টেচনতো কেইবাটাও ৰে’ল আবদ্ধ আছে বুলি জানিব পৰা গৈছে ।