অসম

assam

By

Published : Jul 25, 2021, 5:00 PM IST

ETV Bharat / state

5 বজাৰ দহটা শীৰ্ষ বাতৰি

5 বজাৰ দহটা শীৰ্ষ বাতৰি

top10 news
মুখ্য বাতৰি

ডবকাত বন বিভাগৰ অভিযান

হোজাই জিলা ডবকাত শনিবাৰে নিশা বন বিভাগে চলাই এক অভিযান ৷ এই অভিযানত জব্দ কৰা হয় ১৬ কেজি বগা চন্দন কাঠৰ টুকুৰা । এক গোপন সূত্ৰৰ ভিত্তিত ডবকা কছাৰীপাৰাৰ নাসিৰ উদ্দিনৰ ঘৰৰ পৰা জব্দ কৰা হয় চন্দন কাঠৰ টুকুৰা খিনি। বন বিভাগে এই সন্দৰ্ভত অব্যাহত ৰাখিছে নিজা তদন্ত ৷

ড্ৰাগছ বিৰোধী অভিযানত গ্ৰেপ্তাৰ সৰবৰাহকাৰী

ৰাজ্যত অব্যাহত আছে ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ ব্যাপক অভিযান । এই ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি যোৰহাট আৰক্ষীয়ে শনিবাৰে লাভ কৰে এক বৃহৎ সফলতা । যোৰহাট আৰক্ষীৰ এটা দলে অভিযান চলাই বৰহোলাৰ পৰা প্ৰায় 13 গ্ৰাম ব্ৰাউন চুগাৰ জব্দ কৰাৰ লগতে চাৰিটাকৈ ড্ৰাগছ সৰবহকাৰীক গ্ৰেপ্তাৰ কৰে ।

ক’ভিডৰ বাবেই হেৰাই যাব নেকি ঐতিহ্যময় শিল্প...

চৰকাৰে মাহে নানা ধৰণৰ আঁচনি ঘোষণা কৰি আছে মাত্ৰ কাগজে-কলমে । ঘোষণা কৰা আঁচনি জনসাধাৰণে ঢুকি পাইছেনে নাই তাৰ প্ৰতিও কোনো গুৰুত্ব নাই চৰকাৰৰ । তাৰে এক প্ৰতিচ্ছবি দাঙি ধৰিছে বঙাইগাঁৱৰ লোকসকলে ।

সুশান্ত ইন কুশল দুৱৰী আউট হ’ব নেকি থাওৰাত ?

থাওৰা বিধান সভা সমষ্টিৰ বিধায়ক তথা কংগ্ৰেছ দলৰ নেতা সুশান্ত বৰগোঁহাই(congress MLA Sushanta Borgohain)য়ে বিজেপি দললৈ গমন কৰিব বুলি ইতিমধ্যে সংবাদ মাধ্যমত চৰ্চা চলিছে । ইয়াকলৈ থাওৰা বিধান সভা সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা বিজেপি দলৰ নেতা কুশল দুৱৰীয়ে প্ৰকাশ কৰিছে‌ কেতবোৰ বিষ্ফোৰক মন্তব্য ।

ৰাজ কুন্দ্ৰাৰ ৪ কৰ্মচাৰী হ'ব পৰ্ণ’গ্ৰাফী গোচৰৰ সাক্ষী

ৰাজ কুন্দ্ৰাৰ কোম্পানী ভিয়ান ইণ্ডাষ্ট্ৰীজৰ (Viaan Industries) চাৰিগৰাকী কৰ্মচাৰী তেওঁৰ বিৰুদ্ধে সাক্ষী দিবলৈ সাজু হৈছে । ইতিমধ্যে মুম্বাইৰ অপৰাধ শাখাৰ প্ৰ'পাৰ্টি চেলক পৰ্ণ ৰেকেটটোৰ সকলো বিৱৰণ দিছে কৰ্মচাৰীকেইজনে ।

দেশৰ অৰ্থনীতি সন্দৰ্ভত ড০ মনমোহন সিঙৰ মন্তব্যক সমালোচনা

ক'ভিড পৰিস্থিতিৰ ফলত ১৯৯১ চনৰ অৰ্থনৈতিক সংকটতকৈ দেশখনে আগন্তুক দিনত অধিক জটিলতাৰ সন্মুখীন হ'ব বুলি প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে দাবী কৰিছিল । তেওঁৰ এই মন্তব্যৰ পাছতে বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । একাংশ বিশেষজ্ঞই দাবী কৰা মতে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ সেয়া এক ৰাজনৈতিক বিবৃতি আছিল কিয়নো তেওঁলোকে দাবী কৰা মতে দুয়োটা পৰিস্থিতি একে নহয় ।

ওড়িশাত বাঁহ শিল্পৰ এক উৎকৃষ্ট নিদৰ্শন

অলংকাৰ বা গহণা বুলি ক'লে আপুনি সাধাৰণতে হীৰা, সোণ বা ৰূপৰ কথা ভাবে । কিন্তু বাঁহেৰে নিৰ্মিত অলংকাৰ আপুনি দেখিছেনে ? ওড়িশাত একাংশ যুৱতীয়ে বাঁহেৰে অলংকাৰ নিৰ্মাণ কৰাৰ লগতে আত্ম নিৰ্ভৰশীলো হৈছে ।

Tokyo Olympics : বেডমিন্টনৰ একক শাখাত পি ভি সিন্ধুৰ প্ৰথম বিজয়

দেওবাৰে টকিঅ' অলিম্পিকৰ গ্ৰুপ পৰ্যায়ৰ মহিলাৰ চিংগল খেলখনত ইজৰাইলৰ কেচনিয়া পলিকাৰপোভাক(Ksenia Polikarpova ) ২১-৭, ২১-১০ ব্যৱধানত পৰাস্ত কৰিবলৈ সক্ষম হৈছে বিশ্ব চেম্পিয়ন বেডমিন্টন খেলুৱৈ পি ভি সিন্ধু(PV Sindhu) ৷ ইফালে, ৰ’ৱিঙত অৰ্জুন লাল জাট (Arjun Lal Jat) আৰু অৰবিন্দ সিঙ(and Arvind Singh)ৰ যুটিয়ে ছেমিফাইনেলৰ বাবে দুয়ো যোগ্যতা অৰ্জন কৰিছে ।

ৰাজ কুন্দ্ৰাৰ সন্মুখত আন এক বিপদ

মুম্বাইৰ আন্ধেৰীস্থিত ৰাজ কুন্দ্ৰাৰ ভিয়ান আৰু জেএল ষ্ট্ৰীম কাৰ্যালয়ত (Viaan and JL Stream office) এটা আলমিৰা উদ্ধাৰ কৰিছে আৰক্ষীয়ে । লুকাই থোৱা অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰিছে আলমিৰাটো ।

কুলগামত সেনাৰ গুলীত নিহত সন্ত্ৰাসবাদী

কুলাগামৰ মুনান্দ অঞ্চলত সন্ত্ৰাসবাদী আৰু নিৰাপত্তা বাহিনীৰ মাজত প্ৰচণ্ড গুলীয়াগুলী । ইফালে সন্ত্ৰাসবাদীজনৰ মৃত্যুৰ লগে লগে জম্মু-কাশ্মীৰত এই বছৰ নিহত হোৱা সন্ত্ৰাসবাদীৰ সংখ্যা হ'লগৈ মুঠ ১০১ জন ।

ABOUT THE AUTHOR

...view details