অসম

assam

ETV Bharat / state

9 বজাৰ শীৰ্ষ দহটা বাতৰি - 9 বজাৰ শীৰ্ষ দহটা বাতৰি

9 বজাৰ শীৰ্ষ দহটা বাতৰি

top-10-at-9am
9 বজাৰ শীৰ্ষ দহটা বাতৰি

By

Published : Jul 25, 2022, 9:06 AM IST

Margaret Alva meets Himanta Biswa Sarma: দিল্লীত হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ মাৰ্গাৰেট আলভাৰ

দেওবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰে উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী মাৰ্গাৰেট আলভাই (Margaret Alva meets Himanta Biswa Sarma)৷ দিল্লীত বাহৰ পাতি থকা ড৹ শৰ্মাৰ লগতে আন তিনি ৰাজ্যৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰে বিৰোধীৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীগৰাকীয়ে ৷

School jobs scam: অৰ্পিতা মুখাৰ্জীক এদিনৰ বাবে EDৰ জিম্মালৈ প্ৰেৰণ

দক্ষিণ কলকাতাৰ এটা বিলাসী এপাৰ্টমেণ্ট ব্লকৰ ফ্লেটত কেইবা ঘণ্টাধৰি চলোৱা জেৰাৰ অন্তত শনিবাৰে ইডিয়ে অৰ্পিতা মুখাৰ্জীক য’ত মুখাৰ্জীয়ে গোপনে ৰখা বহু কোটি টকাৰ নগদ ধন আৰু অন্যান্য মূল্যৱান সামগ্ৰী কেন্দ্ৰীয় সংস্থাটোয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল ।

Monkeypox: ভাৰতত মাংকিপক্সৰ আক্ৰান্তৰ সংখ্যা বৃদ্ধিৰ আশংকা

ক’ৰণাৰ পাছত এইবাৰ মাংকিপক্সে দেশজুৰি ত্ৰাসৰ সৃষ্টি কৰিছে (Monkeypox In India) ৷ ইয়াৰ পিছতে দেশত মাংকিপক্স আক্ৰান্তৰৰ বৃদ্ধি হোৱাৰ আশংকাত উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হয় কেন্দ্ৰই (Center hold urgent meeting on Monkey pox) ৷

25th July holds special role in Indian history: সোমবাৰে দশম ৰাষ্ট্ৰপতিৰূপে শপত ল'ব দ্ৰৌপদী মূৰ্মুৱে

25 জুলাই, ভাৰতৰ বাবে এটা বিশেষ দিন । বৰ্তমানলৈকে 9 জন ৰাষ্ট্ৰপতিয়ে শপত গ্ৰহণ কৰিছে ৷ দ্ৰৌপদী মূৰ্মুৰ নামো এই তালিকাত অন্তৰ্ভুক্ত হ'বলৈ গৈ আছে (First citizen of India Draupodi Murmu) । তেওঁ হ’ব দেশৰ 15 সংখ্যক ৰাষ্ট্ৰপতি ৷

Sidhu Moose Wala Murder Case: হাৰিয়ানা আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ লৰেন্স বিষ্ণয়-গোল্ডী ব্ৰাৰ গেঙৰ চাৰি সদস্য

হাৰিয়ানা আৰক্ষীয়ে শনিবাৰে নিশা আম্বালা জিলাৰ মহেশ নগৰ আৰক্ষী থানাৰ অন্তৰ্গত এটা অঞ্চলত অভিযান চলাই লৰেন্স বিষ্ণয় আৰু গোল্ডী ব্ৰাৰ চক্ৰৰ সৈতে জড়িত চাৰিজন লোকক আটক কৰিবলৈ সক্ষম হয় ৷ লগতে ধৃত লোককেইজনৰ পৰা বৃহৎ সংখ্যক অস্ত্ৰ-শস্ত্ৰ আৰু সজীৱ গুলী উদ্ধাৰ কৰে অভিযানকাৰী আৰক্ষীৰ দলটোৱে ।

Mud scam by GMC: গুৱাহাটী পৌৰ নিগমত বোকা পৰিষ্কৰণৰ নামত ২০ কোটিৰ কেলেংকাৰী

বোকাৰ নামত কেলেংকাৰী ৷ হয় শুনিবলৈ আচহুৱা যেন লাগিলেও গুৱাহাটী পৌৰ নিগমত (Guwahati Municipal Corporation) বোকা আঁতৰোৱাৰ নামত সংঘটিত হৈছে কোটি কোটি টকীয়া কেলেংকাৰী । সৱিশেষ জানিবলৈ পঢ়ক এই প্ৰতিবেদন...

Journalist accused of sharing pornographic video: অশ্লীল ভিডিঅ’ শ্বেয়াৰ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ সাংবাদিক !

অশ্লীল ভিডিঅ শ্বেয়াৰ কৰাৰ অভিযোগত মৈৰাবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুজনকৈ সাংবাদিকক(Moirabari police arrest two journalists) । চাৰি লম্পটে এগৰাকী কিশোৰীক লৈ বনোৱা অশ্লীল ভিডিঅ’ৰ তথ্য বাতৰি আকাৰে সম্প্ৰচাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে দুয়োগৰাকী সাংবাদিকৰ বিৰুদ্ধে । কিন্তু এতিয়াও মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰাত ব্যৰ্থ মৈৰাবাৰী আৰক্ষী ।

Football talent hunt: বঙাইগাঁৱৰ মাণিকপুৰত প্ৰতিভা সন্ধানী ফুটবল প্ৰতিযোগিতা

বঙাইগাঁও জিলাৰ মাণিকপুৰ মহকুমাৰ অন্তৰ্গত বৰবিলা ৰশ্মি সংঘৰ খেলপথাৰত অনুষ্ঠিত হৈ যায় এখন ফুটবল প্ৰতিযোগিতা (Football talent hunt tournament in Bongaigaon) ৷ মাণিকপুৰ আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত আৰু বিশিষ্ট সমাজ কৰ্মী ড৹ মহোদৰ পাঠকৰ সহযোগত 4 জুলাইৰ পৰা অনুষ্ঠিত সোৱৰণী প্ৰতিভা সন্ধানী ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন দেওবাৰে অনুষ্ঠিত হয় ৷

Pork controversy at Sahitya Sabha: সাহিত্য সভাৰ বাকৰিত গাহৰি মাংসৰ ভাজি; লাগিল হুৱা-দুৱা

"সৰুৰে পৰা আমি কিছুমান খাদ্য গ্ৰহণ কৰা নাই ৷ গাহৰিটো সকলোৱে খাব পৰাকৈ ইমান ফ্ৰী হোৱা নাই ৷ মই নিজেও ব্ৰাহ্মণ হয় ৷ গাহৰিটো মোৰ কাৰণে ডাঙৰ কথা ৷ গাহৰি নোখোৱাসকলে মোক ধন্যবাদ জ্ঞাপন কৰিছেহি ৷ অসমৰ সকলো ঠাইত ছোৱাইন ফ্লু হৈ আছে ৷ গতিকে চৰকাৰী নীতি নিৰ্দেশনা পালন কৰাটো আমাৰ দায়িত্ব ৷ ভৱিষ্যতে এনেকুৱা গাহৰি মাংস থাকিব নালাগে ৷" গাহৰি বিতৰ্কক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য প্ৰৱীন শৰ্মাই (Prabin Sarma on Pig controversy)৷

Rescued Baby identified: অৱশেষত চিনাক্ত হ’ল ঘগ্ৰাপাৰত উদ্ধাৰ হোৱা শিশুটিৰ পৰিচয়

অৱশেষত চিনাক্ত হ’ল নলবাৰীৰ ঘগ্ৰাপাৰত উদ্ধাৰ হোৱা চাৰিমহীয়া শিশুটিৰ পৰিচয় ৷ তথ্য অনুসৰি, বিগত ২৩ জুলাইৰ মাজনিশা নলবাৰীৰ ভাংনামাৰীৰ পৰা নিৰুদ্দেশ হৈ আছিল কণমানিটো ৷

ABOUT THE AUTHOR

...view details