অসম

assam

By

Published : Oct 6, 2022, 9:00 AM IST

ETV Bharat / state

9 বজাৰ শীৰ্ষ 10 টা বাতৰি

9 বজাৰ শীৰ্ষ 10 টা বাতৰি

TOP 10 AT 9 AM
9 বজাৰ শীৰ্ষ 10 টা বাতৰি

দেৱী বিসৰ্জনৰ সময়ত ৰাজস্থানত অঘটন: তিনিটি শিশুকে ধৰি পানীত ডুবি নিহত 10 জন ব্যক্তি

বিজয়া দশমীৰ দিনটো যেন ৰাজস্থানবাসীৰ বাবে হৈ পৰিল এটা ক’লা দিন ৷ বুধবাৰে দেৱী দুৰ্গাৰ প্ৰতিমা বিসৰ্জনৰ (Durga idol immersion in Rajasthan) সময়ত ৰাজস্থানত সংঘটিত তিনিটা পৃথক পৃথক দুৰ্ঘটনা ৷ য’ত অতি কমেও 10 জন লোকৰ পানীত ডুব গৈ অকাল মৃত্যুক আকোৱালি লৈছে বুলি জানিব পৰা গৈছে (10 die in separate incidents in Rajasthan)৷

জলপাইগুৰিত প্ৰতিমা বিসৰ্জনত অঘটন: মাল নদীত হঠাৎ অহা বানৰ কৱলত পৰি 8 জনৰ মৃত্যু

বুধবাৰে পশ্চিম বংগৰ জলপাইগুৰিত সংঘটিত হয় এক শোকাবহ ঘটনা ৷ মা দুৰ্গাৰ প্ৰতিমা বিসৰ্জন কৰিবলৈ আহি জলপাইগুৰিৰ মাল নদীত হঠাৎ অহা বানৰ কৱলত পৰি 8 জনৰ মৃত্যু (Jalpaiguri Mal River drowing accident) ৷

শিক্ষামূলক ভ্ৰমণলৈ যোৱা পৰ্যটক বাছ দুৰ্ঘটনাগ্ৰস্ত, শিক্ষাৰ্থীসহ নিহত 9 গৰাকী যাত্ৰী

শিক্ষামূলক ভ্ৰমণলৈ যোৱা পৰ্যটক বাছ দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত শিক্ষাৰ্থীসহ 9 গৰাকী যাত্ৰী থিতাতে নিহত হয় (9 died in tourist KSRTC bus crash)৷ ঘটনাটো সংঘটিত হৈছে কেৰালাৰ পালাক্কাড় নামৰ এটি অঞ্চলত ৷

বিজয়া দশমীৰ দিনটোত ৰাজ্যত বহুকেইটা পথ দুৰ্ঘটনা

বিজয়া দশমীৰ দিনটোত ৰাজ্যত বহুকেইটা পথ দুৰ্ঘটনা সংঘটিত হোৱা খবৰ পোহৰলৈ আহিছে ৷ ইয়াৰে হোজাই জিলা আৰু জোনাইৰ লাইমেকুৰীত সংঘটিত হোৱা পথ দুৰ্ঘটনাত এজন লোকৰ থিতাতে মৃত্যু হয় (Road Accident in Hojai and Jonai) ৷ আনহাতে দুজন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷

বিজয়া দশমীৰ দিনা বৰপেটাৰ বৰহিত জ্বলিল 72 ফুট উচ্চতাৰ ৰাৱণৰ প্ৰতিমূৰ্তি

বিজয়া দশমীৰ দিনা অৰ্থাৎ বুধবাৰে ৰাজ্যজুৰি পালন কৰা হয় ৰাৱণ দাহন অৰ্থাৎ দশেৰা (Dussehra Ravan Dahan 2022) ৷ বৰপেটাৰ বহৰিত দাহ কৰা হয় 72 ফুট উচ্চতাৰ ৰাৱণৰ প্ৰতিমূৰ্তি (72 feet Ravan effigies burnt in Barpeta)। ৰাৱণ দাহণৰ এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে পঞ্চায়ত সচিব গুণজিৎ দাসে ৷

অৰুণাচলত সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাত এজন পাইলট নিহত

অৰুণাচল প্ৰদেশৰ লুম্ফুৰ ভাৰত-চীন সীমান্তত সেনাৰ চিতা হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত (Indian Army helicopter crashed in Arunachal) । দুৰ্ঘটনাত এজন পাইলট নিহত । আহত আন এজন ।

মাংগলিক কাৰ্যসূচীৰে চতিয়াত দাহ কৰা হয় ৪০ ফুট ওখ ৰাৱণৰ প্ৰতিকৃতি

বিজয়া দশমী উপলক্ষে ৰাজ্যৰ ভিন্ন প্ৰান্তত উদযাপন কৰা হ'ল দশেৰা (Dussehra Ravan Dahan 2022) ৷ আজি বিজয়া দশমীত ৰাজ্যৰ ভিন্ন প্ৰান্ত লেখিয়াকৈ চতিয়াতো দাহ কৰা হ’ল ৰাৱণৰ প্ৰতিকৃতি (Vijayadashami Ravan Dahan 2022 in Assam) ৷ ৰাষ্ট্ৰীয় বজৰং দলৰ চতিয়া শাখাৰ উদ্যোগত ইটাখোলাস্থিত দিকৰাই খেল পথাৰত এক মাংগলিক কাৰ্যসূচীৰে দাহন কৰা হয় ৪০ ফুট ওখ ৰাৱণৰ ।

কেৰালাৰ কালিকটত বন্ধুৱে মিলি হত্যা কৰিলে অসমৰ শ্ৰমিকক

বহিঃৰাজ্যত দুই বন্ধুৱে মিলি হত্যা কৰিলে অসমৰ এজন প্ৰব্ৰজিত শ্ৰমিকক । দুলু ৰাজবংশী নামৰ শ্ৰমিকজনক হত্যা কৰে অসমৰে দুই বন্ধুৱে । দুই হত্যাকাৰী দুলু ৰাজবংশীৰ বন্ধু মনোৰঞ্জন (২২) আৰু লক্ষীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে (Assam youth Killed by Friends at Koyilandy Beach) ।

লোকসভা নিৰ্বাচনৰ পূৰ্বে তেলেংগানাৰ মুখ্যমন্ত্ৰীৰ ৰাষ্ট্ৰীয় দল ঘোষণা

আগন্তুক লোকসভা নিৰ্বাচনক লক্ষ্য কৰি তেলেংগানাৰ মুখ্যমন্ত্ৰীৰ 'মাষ্টাৰ ষ্ট্ৰোক' । তেলেংগানাৰ মুখ্যমন্ত্রী কে চন্দ্রশেখৰ ৰাও চমুকৈ কেচিআৰে এইবাৰ তেওঁ গঠন কৰা ৰাজ্যিক ৰাজনৈতিক দল তেলেংগানা ৰাষ্ট্র সমিতিক (TRS) ‘সর্বভাৰতীয় ৰূপ’ দিবলৈ সক্রিয় হৈছে (Telanagana CM declared National Party) ।

কম সময়তে সকলোৰে মন মুহি অজান মুলুকলৈ গ’লগৈ মাজুলীৰ তেজস্বিতা

প্ৰতিশ্ৰুতিসম্পন্ন কণ্ঠশিল্পী তেজস্বিতা বৰুৱাৰ অকাল মৃত্যু ৷ শংকৰোৎসৱৰ কাৰ্যসূচীত বৰগীত পৰিৱেশনৰ সময়তে অসুস্থ হৈ পৰা তেজস্বিতাৰ মৃত্যু হয় চিকিৎসালয়ত (Tezaswita Boruah dead)৷

ABOUT THE AUTHOR

...view details