আস্থা ভোটৰ পিছতহে হ’ব একনাথ সিন্দেৰ মন্ত্ৰীসভা সম্প্ৰসাৰণৰ সিদ্ধান্ত
শুকুৰবাৰে বিদ্ৰোহী শিৱসেনা বিধায়ক দীপক কেছাৰকাৰে জনোৱা মতে, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে আৰু উপমুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাভিছে ৪ জুলাইত বিধানসভাৰ মজিয়াত হ’ব লগা আস্থা ভোটৰ পিছত কেবিনেট সম্প্ৰসাৰণৰ সন্দৰ্ভত সিদ্ধান্ত ল’ব (Shinde Fadnavis call on cabinet expansion after floor test) ।
Assam Flood : পাঁচবছৰত বানত ক্ষতি হ'ল অসমৰ ১৩,২২৭ কোটি টকাৰ সা-সম্পত্তি
ৰাজ্যৰ অৰ্থনীতিত সাংঘাতিক প্ৰভাৱ পেলোৱা বান সমস্যা সমাধানৰ বাবে চৰকাৰে আজিলৈকে গ্ৰহণ কৰা নাই কোনোধৰণৰ পদক্ষেপ । প্ৰতিবছৰে হোৱা বানৰ বাবে ৰাজ্যখনৰ উন্নয়ন বহু পিছুৱাই গৈছে। বিগত পাঁচ বছৰৰ ভিতৰত সকলোতকৈ প্ৰলয়ংকৰী বান হৈছিল ২০১৭ চনত । সেই বছৰটোত বানত হোৱা ক্ষয়-ক্ষতিৰ পৰিমাণ আছিল ৪১৬৪.৮১০ কোটি টকা আৰু ১৬০ জন লোকৰ মৃত্যু হৈছিল । এইবাৰৰ বানত আৰু অধিক বিস্তৰ ক্ষতি সাধন হৈছে ।
Kokrajhar District Day: কোকৰাঝাৰ জিলা দিৱস উদযাপন
কোকৰাঝাৰ জিলা প্ৰশাসনৰ উদ্যোগত শুকুৰবাৰে বাণিজ্য মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত বৰ্ণিল কাৰ্যসূচীৰে জিলাখনৰ 39 তম প্ৰতিষ্ঠা দিৱস উলহে মালহে পালন কৰা হয় ৷ এই বিশেষ কাৰ্যসূচীত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে (CEM Pramod Bodo) ৷
Ganja seized in Nazira: শিমলুগুৰিত বৃহৎ পৰিমাণৰ গাঞ্জাসহ আটক মহিলা
ৰাজ্যজুৰি নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীয়ে তীব্ৰ অভিযান চলাই থকাৰ মাজতে শিমলুগুৰিৰ নাজিৰাত বৃহৎ পৰিমানৰ গাঞ্জা উদ্ধাৰ কৰা হয় (Ganza seized at Simaluguri)৷ শিমলুগুৰি মণিপুৰী গাঁৱৰ ৰাজুমণি দেৱী নামৰ এগৰাকী মহিলাৰ বাসগৃহৰ পৰা উদ্ধাৰ কৰা হয় গাঞ্জাখিনি ৷ এক গোপন সূত্ৰৰ পম খেদি নাজিৰা মহকুমা আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তৰ নেতৃত্বত যোৱা নাজিৰা আৰু শিমলুগুৰি আৰক্ষীৰ এটা দলে চলাইছিল এই অভিযান ৷
মহানগৰ আৰক্ষীৰ জালত জামাতুল মুজাহিদীন বাংলাদেশৰ সদস্য
মহানগৰ আৰক্ষীৰ জালত জামাতুল মুজাহিদীন বাংলাদেশৰ সদস্য(JMB cadre arrested by Guwahati police) । ধৃত সদস্যজনৰ নাম ইনামুল হক । ধৃত ইনামুলক দিছপুৰ থানাত মাৰাথন জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ।