Constituency Delimitation in Assam: ৰকিবুল হুছেইনৰ সমষ্টি হ’ব তিনিভাগ !
অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ নগাঁৱত প্ৰতিক্ৰিয়া প্ৰকাশ কংগ্ৰেছ নেতা ৰকিবুল হুছেইনৰ । সমষ্টি পুনৰ নিৰ্ধাৰণক আদৰণি ৰকিবুলৰ । বিলুপ্তি হ’বলগীয়া চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইন হেনো হ'ব পাৰিব তিনিটাকৈ সমষ্টিৰ বিধায়ক । নুৰুল হুদাৰ ৰূপহীহাটো হ'ব ৰকিবুল হুছেইনৰ টাৰ্গেট(Rockybul Hussain reaction on delimitation) ।
Nazira Satradhikar murder : ডেকা সত্ৰাধিকাৰে হত্যা কৰিলে বৃদ্ধক !
শিৱসাগৰ জিলাৰ নাজিৰাত সত্ৰ সমাজক লজ্জানত কৰা এক জঘন্য ঘটনা সংঘটিত হৈছে । ডেকা সত্ৰাধিকাৰে কুঠাৰেৰে ঘপিয়াই হত্যা কৰে ৭০ বছৰীয়া এগৰাকী বৃদ্ধক (Nazira murder case)! নাজিৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত সত্ৰাধিকাৰক ।
Constituency Delimitation in Assam : নতুন সমষ্টি জনপ্ৰিয়-ইতিহাসপ্ৰসিদ্ধ ঠাইৰ নামেৰে নামাকৰণ হ’ব: বিশ্বজিৎ দৈমাৰী
মঙলবাৰে নিৰ্বাচন আয়োগে অধিসূচনা জাৰি কৰি সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ পাচতে সৰ্বত্ৰে সৃষ্টি হৈছে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ ৷ বিৰোধীয়ে সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া আসোঁৱাহৰ মাজৰে আৰম্ভ কৰা বুলি অভিযোগ উত্থাপন কৰিছে ৷ বিপৰীতে শাসকীয় পক্ষই ইয়াৰ জৰিয়তে হ’ব পৰা লাভালাভৰ কথা প্ৰকাশ কৰিছে ৷ বুধবাৰে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়েও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰসংগত (Assam Assembly Speaker on Constituency Delimitation)৷
Hailstorm in Moran : শিলাবৃষ্টিয়ে তচনচ কৰিলে বহুতৰে সপোনৰ পঁজা
শেহতীয়াকৈ ডিব্ৰুগড় জিলাৰ মৰাণত হোৱা শিল বৰষুণৰ পাছৰ কিছুমান দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে (Hailstorm in Moran)। বহুতে সেই দৃশ্যবোৰ প্ৰকৃতিৰ বিনন্দীয়া ৰূপ হিচাপে আমোদ লৈছে । কিন্তু মঙলবাৰৰ সেই প্ৰচণ্ড শিল বৰষুণ মৰাণৰ একাংশ লোকৰ বাবে অভিশাপস্বৰূপে হৈ পৰিছে । সেই শিলাবৃষ্টিয়ে তচনচ কৰি পেলালে মৰাণ অঞ্চলৰ বহুলোকৰ ঘৰ-দুৱাৰ, পাণবাৰী আৰু ৰবি শস্যৰ খেতি (Hailstorms damaged in Moran)। শিলাবৃষ্টিৰ প্ৰকোপ ইমানেই বেছি আছিল যে ৩৬ ঘণ্টা পাৰ হৈ যোৱাৰ পাছতো ঠায়ে ঠায়ে বৰফৰ টুকুৰা সিচঁৰিত হৈ আছে ।
Indian-Kazakhstan Army completed training: উমৰয়ত ভাৰতীয়-কাজাখস্তানী সেনাৰ যৌথ প্ৰশিক্ষণ সমাপ্ত
সামৰণি পৰিল মেঘালয়ৰ উমৰয়ত অনুষ্ঠিত হৈ থকা ভাৰতীয় সেনা আৰু কাজাখস্তানী সেনাৰ মাজৰ যুটীয়া অনুশীলনৰ(Joint demonstration of Indian and Kazakhstan Army ) । ১৫ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হৈছিল এই অনুশীলন ।